বঢ়মপুৰঃ দোভাগ নিশা ৰাজপথত যুদ্ধ সদৃশ পৰিৱেশ৷ যেন নিশাৰ ভিতৰতে গড় বান্ধি শেষ কৰিব লাগিব৷ নহলে যেন শত্ৰু পক্ষৰ আক্ৰমণত ধৰাশয়ী হোৱাৰ আশংকা ঘনীভূত হৈছে৷  দোভাগ নিশা এই ব্যস্ততা দেখা গ’ল নগাঁৱত৷ কোনোৱে বিটুমিন ছটিয়াইছে, আন কোনোৱে বিটুমিনত ভজা শিল ছটিয়াই ৩৭নং ৰাষ্ট্ৰীয় ঘাই মেৰামতি কৰাত ব্যস্ত৷ নগাঁৱৰ চামগুৰিত দেওবাৰে নিশা দেখা গ'ল এই দৃশ্য।

মোমাই কটা গড় নিৰ্মাণ সদৃশ তৎপৰতাৰে ৰাজপথ মেৰামতিত কৰিছে টি কে নামৰ কোম্পেনীৰ শ্ৰমিকে৷ নিশাৰ ভিতৰতে নগাঁৱৰ পৰা আমনি পৰ্য্যন্ত বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতি কৰে কোম্পেনীটোৱে। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ নগাঁও-আমনি অংশৰ গা’ত তথাখলা বমাৰ বাবে একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷

কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতো জৰাজীৰ্ণ ৰাজপথটো মেৰামতি কৰাৰ বাবে গা লৰা নাছিল সংশ্লিষ্ট বিভাগ তথা মেৰামতিৰ দ্বায়িত্ব লাভ কৰা কোম্পানীৰ। ৰাইজে বিভিন্ন সময়ত ঘইপথটো মেৰামতিৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও গুৰুত্ব আৰোপ কৰা নাছিল টি কে নামৰ কোম্পানী তথা বিভাগে৷ কিয়নো এই পথেৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সোমবাৰে পুৱা বিশেষ কাৰ্যসূচীৰ বাবে তেজপুৰলৈ যাব৷

মু্খ্যমন্ত্ৰী আহিব বুলি অৱগত হৈ তত নাইকিয়া হ’ল ঠিকাদাৰৰ৷ অতদিনে ৰাইজৰ বাবে হৈ নুঠা কাম নিশাৰ ভিতৰতে হিচাপতকৈ বেচি শ্ৰমিক লগাই, গাড়ী ব্যৱহাৰ কৰি কৰি পেলায়৷ যেন একে ৰাতিতে প্ৰথমবাৰৰ বাবে পথ মেৰামতি কৰি অভিলেখ গঢ়িলে চামগুৰিত বিভাগ তথা ঠিকাদাৰে।

অৱশ্যে ওৰে নিশা চলা এই ৰাজপথ মেৰামতিৰ বাবে তীব্ৰ যাঁন-জটৰ সৃষ্টি হয়৷ যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় বহু সংখ্যক যাত্ৰীয়ে। উল্লেখ্য যে, বিগত বহু মাহ ধৰি অঞ্চলবাসীয়ে ৰাজপথটো মেৰামতিৰ বাবে দাবী জনাই প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাছিল৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যাবলগীয়া হোৱাৰ বাবেহে পথটো নিশাৰ ভিতৰতে মেৰামতি কৰাত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজাৰ মানুহে কষ্ট পালে একো নহয়, এজনে পালে অসুবিধা হয় বুলি ক্ষোভ ব্যক্ত কৰে৷