দুলীয়াজানঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি অইল ইণ্ডিয়াৰ দুলীয়াজানস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

কেইবাশতাধিক নেতা-কৰ্মীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ বিশেষ প্ৰতিবেদনত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে ঔদ্যোগিক নীতিৰ জৰিয়তে দেশৰ তেল-গেছ উদ্যোগসমূহক একত্ৰীকৰণৰ জৰিয়তে বৃহৎ উদ্যোগ গঠন কৰাৰ লক্ষ্য হাতত লৈছে৷

এই সিদ্ধান্তৰ পিছতে ক্ষোভিত হৈ পৰে জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ৷ এনে কৰাৰ ফলত অইল ইণ্ডিয়াৰ দুলীয়াজানস্থিত কাৰ্যালয় বিলুপ্ত হ'ব বুলি আশংকা ব্যক্ত কৰি সংগঠনটোৱে কোনো কাৰণতে অইল ইণ্ডিয়া আৰু আই অ’ চিৰ একত্ৰিকৰণ হ'বলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে।