চিচিবৰগাঁওঃ ৰাজ্যৰ কেইবাগৰাকী বিষয়াই দুৰ্নীতি কৰি ধৰা পৰি জেলৰ ভাত খাব লগা হোৱাৰ পাছতো টকা খাবলৈ ভয় নকৰে একাংশ বিষয়া-অভিযন্তাই৷ তাৰ মাজতে ধেমাজি জিলাৰ  চিচিবৰগাঁও উন্নয়ন খণ্ডত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি এগৰাকী মহিলাই এজাহাৰ দাখিল কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, জিলাখনৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ ধেমাজি গাঁও পঞ্চায়তৰ বটুৱামুখ গাঁৱৰ দৰিদ্ৰ ৰাজেশ নৰহৰ ২০২৫৯৫২ নম্বৰৰ আই ডি নম্বৰ পুৰ্বৰ পৰাই আছে৷ দৰিদ্ৰ ৰাজেশ নৰহৰ পৰিয়ালে আই ডি নম্বৰটোৰ জৰিয়তে চৰকাৰী যোজনাৰ আৱাস গৃহ লোৱাৰ বাবে চেষ্টা কৰে যদিও লবলৈ সক্ষম নহয়৷

বটুৱামুখ গাঁৱৰ দৰিদ্ৰ খেতিয়ক ৰাজেশ নৰহৰ আই ডি নম্বৰেৰে কোনো লোকে এটি ঘৰ আৱন্টন কৰি দুটি কিস্তি উলিযায় নিয়ে৷

খবৰ লাভ কৰাৰ লগে লগে পৰিয়ালৰ লোকে তথ্য সংগ্ৰহ কৰি তেওলোকৰ ২০২৫৯৫২ আই ডি টোৰে একে নামৰ অইন এটি পঞ্চায়তৰ লোকৰ নামত ঘৰ আৱন্টন হোৱাই নহয় প্ৰথম কিস্তিৰ ৩২ হাজাৰ আৰু দ্বিতীয় কিস্তিৰ ৭৮ হাজাৰ টকা মোকলাই নিয়াৰ বিষয়ে অৱগত হয়৷

এই কাৰ্য অৱগত হৈ চকু কপালত উঠে বটুৱামুখ গাঁৱৰ দৰিদ্ৰ ৰাজেশ নৰহৰ পৰিয়ালৰ৷ লগে লগে বটুৱামুখৰ ৰাজেশ নৰহৰ পত্নী ধৰ্মকান্তি নৰহে অকাজান গাঁও পঞ্চায়তৰ সভাপতি, সচিব, কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে চিলাপথাৰ থানাত গোচৰ তৰে।

প্ৰকৃত হিতাধীকাৰীৰ অজ্ঞাতে ধেমাজি গাঁও পঞ্চায়তৰ বটুৱামুখ গাঁৱৰ দৰিদ্ৰ ৰাজেশ নৰহৰ ২০২৫৯৫২ নম্বৰৰ আই ডিৰে অকাজান পঞ্চায়তৰ পঞ্চায়তৰ মেম্বাৰচুক গাঁৱৰ ৰাজেশ নৰহক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান কৰে৷

জানিব পৰা মতে, পঞ্চায়ত বেলেগ যদিও নাম একে হোৱাৰ সুবাদতে অসম গ্ৰামীণ বিকাশ বেংকত এটি একাউন্ট খুলি যোৱা ১১ মেত প্ৰথম কিস্তি ৩২ হাজাৰ আৰু ১৯ জুনত ৭৮ হাজাৰ টকা মোকলাই নিয়ে অকাজান পঞ্চায়তৰ পঞ্চায়তৰ মেম্বাৰচুক গাঁৱৰ ৰাজেশ নৰহৰ নামত।

এই সম্পৰ্কত দক্ষিণ ধেমাজি পঞ্চায়তৰ নিবাসী ৰাজেশ নৰহৰ পত্নী ধৰ্মকান্তি নৰহে অকাজান পঞ্চায়তৰ সভাপতি, সচিব আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে চিলাপথাৰ থানাত গোচৰ কৰে।