
গুৱাহাটীঃ বৰপেটা জিলাৰ এগৰাকী শিক্ষকে আত্মাহত্যা কৰা ঘটনাৰ বাবে ৰাজ্য চৰকাৰ দায়ী বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক সমিতিয়ে ৷ ৰাজ্যৰ বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি থকা ভেন্সাৰ স্কুলসমূহৰ প্ৰাদেশীকিকৰণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা চৰম অৱহেলাৰ বাবে শিক্ষকে আত্মহত্যাৰ পথ বাছি লোৱা বুলি সংগঠনটোৱে অভিযোগ কৰে৷
ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে এক বিবৃতি যোগে সংগঠনটোৱে চৰকাৰৰ আসোঁৱাহপূৰ্ণ নীতিৰ বাবেই বজালীৰ নিজ বৰলা গাঁৱৰ শিক্ষক মনমোহন দাসে যোৱা ২৫টা বছৰে বিনা বেতনে শিক্ষকতা কৰি চৰম দাৰিদ্ৰতাৰ বাবে আত্মহত্যাৰ পথ বাছি ল’বলগীয়া হয় বুলি কয়।
চৰকাৰৰ আভুৱা ভৰা আশ্বাস আৰু প্ৰতাৰণাৰ ফলত যোৱাটো দশকত প্ৰায় অৰ্ধশতাধিক শিক্ষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। বিনা বেতনে শিক্ষাদান কৰি বহু শিক্ষকে অৱসৰ লৈ ইহ সংসাৰ ত্যাগ কৰিলে তাৰ কোনো হিচাপ নাই বুলিও কয় সংগঠনটোৱে। দীৰ্ঘদিন ধৰি চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি হোৱা এই শিক্ষকসকলে দৰিদ্ৰ, পিছপৰা অঞ্চলৰ ল’ৰা-ছোৱালীক নিষ্ঠাৰে পঢ়ুৱাই দৰাচলতে এক শৈক্ষিক আৰু সামাজিক বিপ্লৱৰ গুৰি ধৰি আহিছে।
এইসকল শিক্ষকৰ প্ৰতি পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বি জে পি চৰকাৰে চৰম অৱহেলা তথা বঞ্চনা কৰা কাৰ্য গৰিহণাৰ যোগ্য। এনে ঘটনা বাৰে বাৰে সংঘটিত হোৱাৰ পিছতো কোনো এখন চৰকাৰে শিক্ষকৰ সমস্যাক গুৰুত্ব সহকাৰে নল'লে বুলিও ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷ এছ এফ আইয়ে ভেন্সাৰ স্কুলসমূহৰ শীঘ্ৰে বিনাচৰ্তত প্ৰাদেশীকিকৰণ কৰাৰ দাবী জনায়৷ আনহাতে দুৰ্ভগীয়া বজালীৰ নিজ বৰলা গাঁৱৰ শিক্ষক মনমোহন দাসৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়োৱাৰ দাবী জনায় সংগঠনটোৱে।