ডিজিটেল ৰিপ'ৰ্টঃ ৰাজনীতি কৰাত সিদ্ধহস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভাষ্য অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। অসমৰ সংবাদ মাধ্যম আৰু অসমবাসী ৰাইজৰ সমালোচনাৰ বাবেহে মোদীয়ে বহু পলমকৈ অসমত ভৰি দিলে বুলিও মন্তব্য কৰে শইকীয়াই।

বানৰ বুজ ল’বলৈ আহি নিজ দলৰ বিধায়কসকলকহে অধিক সময় দিলে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাজনে। 'বান হোৱাৰ এদিন পিছতে তেওঁ গুজৰাটলৈ ঢাপলি মেলি লগে লগে পেকেজ ঘোষণা কৰিছিল। কিন্তু অসমত বান হোৱাৰ এমাহ পিছতহে তেওঁ আহিবলৈ সময় পালে। ইয়াৰ পৰা দুটা কথাই স্পষ্ট হৈ পৰে। এটা হৈছে মুখেৰে কোৱাৰ দৰে তেওঁৰ অসমৰ প্ৰতি সহানুভূতি নাই। আনটো হ’ল, মুখ লজ্জা ঢাকিবলৈকে পলমকৈ হ’লেও তেওঁ এবাৰ অসমত ভৰি থলে।’-মোদীৰ আজিৰ কেইঘণ্টামানৰ অসম ভ্ৰমণ সন্দৰ্ভত এইদৰে কয় বিধানসভাৰ বিৰোধী দলপতিজনে।

আনহাতে পেকেজ ঘোষণা সন্দৰ্ভত তেওঁ কয়, 'তেওঁলোকৰ নিজৰ ভাষাতে কৈছো। কেইদিনমান আগতে তেওঁলোকৰ নেতাই কৈছিল যে এতিয়া মোদী অসমলৈ আহি কি কৰিব? আৰু কৈছিল যে এছেছমেণ্ট হ’ব লাগিব, এছেছমেণ্ট হোৱাৰ পিছত যিমান লাগে সিমান দিব। কিন্তু এতিয়া জানো এছেছমেণ্ট কৰা হ’ল?’

'মোদী আহিল আৰু কিবা এটা ঘোষণা কৰিলে। আজি সমগ্ৰ উজনিত বাট-পথ বিধ্বস্ত হৈ পৰিছে। মানুহ গৃহহাৰা হৈছে। সেইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে জানো। আজি যি ঘোষণা কৰিলে তাৰেই এই সকলোবোৰ সম্ভৱ হ’ব জানো? নিজেই ক’ব এছেছমেণ্ট কৰাৰ পিছত পেকেজ দিব। তাৰ পিছত একো নকৰাকৈ এনেয়ে পেকেজ ঘোষণা কৰিলে তাৰ পৰা কি লাভ হ’ব সেয়া সহজেই অনুমেয়।’-শইকীয়াৰ মন্তব্য।

আনহাতে দলটোৰ মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাসেও একে মন্তব্যকে কৰে। তেওঁ কয় যে ভাষণত কোৱাৰ দৰে অসম যদি মোদীৰ ইমান আপোন তেন্তে গুজৰাটলৈ যোৱাৰ দৰে বান হোৱাৰ সময়তে ৰাজ্যখনৰ জনসাধাৰণৰ দুখ-দুৰ্দশা চাবলৈ ঢপলিয়াই আহিব লাগিছিল। কিন্তু অষ্টলক্ষ্মীৰ দুখ-দুৰ্দশাৰ কথা ভাবিবলৈ তেওঁক সময় লাগিল এমাহ। পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন চাই প্ৰকৃত ছবিখন উপলব্ধি কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। 
 
একেদৰে মোদীৰ এই ভ্ৰমণক লৈ সস্পূৰ্ণৰূপে সন্তুষ্ট হ’ব পৰা নাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। বান হৈ যোৱাৰ এমাহ পিছতহে আহিবলৈ সময় পোৱাটোৱে অসমৰ প্ৰতি মোদীয়ে ভাষণত কোৱাৰ দৰে দৰদ যে প্ৰকৃততে নাই সেয়া স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ উপ-সভাপতি ৰঞ্জন উপাধ্যায়ে।

'এমাহৰ মূৰত অসমক দিলে মাত্ৰ ২৫০ কোটি। এয়া ভিক্ষা দিয়াৰ দৰে হৈছে। অসমৰ ৰাইজে কেন্দ্ৰৰ পৰা ভিক্ষা নিবিচাৰে। ভিক্ষা খোজাৰ মানসিকতা আমাৰ নাই। এনেকৈ ভিক্ষা দিয়াৰ দৰেকৈ সাহায্য দিয়াৰ পৰিৱৰ্তে কেন্দ্ৰই আমাক সম্পদৰ অধিকাৰ দিয়ক।’-এইদৰে কয় উপাধ্যায়ে।