গৰৈমাৰীঃ ৰাজ্যত অগপ, বি পি এফ আৰু বিজেপিয়ে লগ লাগি চৰকাৰ গঠন কৰাৰ পাছৰে পৰা প্ৰাক্তন মন্ত্রী ডাঃ কমলা কলিতা আৰু একাংশ অগপৰ নেতাই দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীত ত্ৰাসৰ সৃষ্টি কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে।

অগপৰ গৰৈমাৰী ব্লকৰ এগৰাকী নেতাৰ বিৰুদ্ধে চাকৰি দিয়াৰ প্ৰলোভনেৰে ঘোচ লোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ অহাত সমগ্র অঞ্চলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হোৱা বুলিও কংগ্ৰেছে অভিযোগ কৰে৷

ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে বিগত সময়ত বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাকে ধৰি বিভিন্ন প্ৰকাৰৰ অভিযোগ উত্থাপন কৰা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাৰ ঘনিষ্ঠ তথা অগপ দলৰ গৰৈমাৰী ব্লকৰ নেতা নুৰ ইছলামৰ বিৰুদ্ধে এইবাৰ ঘোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

জোৰশিমুলী গাঁৱৰ নদ্দেশ আলীৰ পত্নীক চাকৰি দিয়াৰ প্ৰলোভন দি অগপ নেতা নুৰ ইছলামে ১৫ হাজাৰ টকা ঘোচ লয়। জোৰশিমুলীৰ মহাবীৰ পথাৰ প্ৰথমিক বিদ্যালয়ত দৰিদ্র নদ্দেছ আলীৰ পত্নীক ৰান্ধনীৰ চাকৰি দিয়াৰ নামত টকা লৈ আজি পৰ্যন্ত চাকৰি দিব নোৱাৰাত অগপ নেতা নুৰ ইছলামৰ পৰা নদ্দেছ আলীয়ে ১৫ হাজাৰ টকা ঘূৰাই আনিবলৈ যোৱাত নদ্দেছ আলীক ওলোটাই দাবী-ধমকি দিয়ে।

অৱশেষত নদ্দেছে উপায় বিহীন হৈ অগপ দলৰ সক্ৰিয় নেতা নুৰ ইছলামৰ বিৰুদ্ধে ২৪ জুলাইত জোৰশিমুলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে ৬১৪/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ এসপ্তাহ অতিক্রম কৰাৰ পিছতো অগপ নেতা তথা ডাঃ কমলা কলিতাৰ ঘনিষ্ঠ নুৰ ইছলামে মুকুলি আকাশৰ তলত ঘূৰি থকা সত্বেও জোৰশিমুলী আৰক্ষীয়ে আটক কৰিব পৰা নাই বুলি কংগ্ৰেছে অভিযোগ কৰে।