
মুছলপুৰঃ মূৰত পাগুৰি মাৰি ভূঁই ৰুবলৈ সাজু জনগোষ্ঠীয় ৰোৱনী৷ সাজু কঠিয়া৷ সচৰাচৰ ৫-৬ গৰাকী ৰোৱনীয়ে ভূঁই ৰোৱে যদিও আজি ব্যতিক্ৰম৷
আজি গাঁওখনৰ প্ৰায় সংখ্যাক মহিলাই দহোবন কাটি কৰি ওলাই আহিছে ভূঁই ৰুবলৈ৷ কিন্তু আজি ৰোৱনীহঁতৰ কপালৰ ঘাম মাটিত নপৰে৷ কিয়নো আজি জনগোষ্ঠীয় ৰোৱনীহঁতে পথাৰত নহয় ভূঁই ৰুব পথত৷
পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে৷ হালোৱায়ো পথাৰৰ পৰিৱৰ্তে পথত বালে হাল৷ বিটিএডিৰ বাক্সা জিলাৰ ডুমুনীৰ-ভৱানীপুৰ গড়কাপ্তানি পথত আজি এনেদৰে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে জনগোষ্ঠীয় মহিলাই৷ বোকা পানীৰ বাবে ৰাইজে আহ-যাহ কৰিব নোৱাৰা হোৱাত এনে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈ পৰে গাঁওবাসী।
বাৰিষাৰ ৬ মাহ বোকা-পানীৰে আহ-যাহ কৰিবলগীয়া হোৱা বিধ্বস্ত পথটোত আজি স্থানীয় জনগোষ্ঠীয় মহিলাই ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ ব্যতিক্ৰমী প্ৰতিবাদেৰে পথটোত ভূঁই ৰুই এইখনেই হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি বুলি ক্ষোভ উজাৰে মহিলাসকলে।
পথটোত ট্ৰেক্টৰৰে হাল বাই ভূঁই ৰোৱে প্ৰতিবাদকাৰীসকলে। নেহৰু পথ হিচাপে জনাজাত পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত বিধ্বস্ত হৈ পৰাৰ পাছতো বিটিএডি কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাইজে অভিযোগ কৰে৷