আমগুৰিঃ খোল-তাল লৈ ৰাজপথলৈ ওলাল যুৱ-প্ৰজন্ম৷ বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত খোল তাল লৈ ৰাজপথলৈ ওলাল আমগুৰিৰ যুৱ-প্ৰজন্ম৷

শিৱসাগৰ জিলাৰ আমগুৰি নগৰত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৱে হাতত তাল-খোল লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠনটোৰ আমগুৰি আঞ্চলিক সমিতিয়ে আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত খোল-তাল বজাই আমগুৰি নগৰত সোমবাৰে এক প্ৰতিবাদী সমদল উলিযায়।

অসমৰ জনসাধাৰণক বহু প্ৰতিশ্ৰুতি প্ৰদানেৰে তথা জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত শাসনলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ ব্যৰ্থতাৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা আদিৰ দাবীত আমগুৰি নগৰৰ মাজেৰে সমদল কৰি প্ৰতিবাদকাৰীসকলে আমগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ চৰকাৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত আমগুৰি চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে৷