মোৰাঝাৰঃ অৰ্থৰ অভাৱৰ বাবে মেডিকেল এন্ট্ৰেন্সত উত্তীৰ্ণ হৈয়ো নামভৰ্তি কৰিব নোৱাৰি দুঃচিন্তাত দিন পাৰ কৰিছিল এগৰাকী ছাত্রই৷ আৰ্থিক অনাটনৰ বাবে চিকিৎসক হোৱাৰ সপোন আধাতে সামৰিবলগীয়া হোৱা বাবে দুখত ভাগি পৰিছিল ছাত্ৰগৰাকীৰ পৰিয়াল৷

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বৰগাঁৱৰ দ্বীপজ্যোতি বুদ্ধ কলিতাৰ এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ তাৰ পাছতে দ্বীপজ্যোতিক সহায়ৰ বাবে আগবাঢ়ি আহে আজমল চিএছআৰৰ অধীনস্থ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্কজুল মা’ আৰিফে৷

অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী সন্তান দ্বীপজ্যোতিয়ে মেডিকেল এন্ট্ৰেন্সত উত্তীৰ্ণ হৈ তেজপুৰ মেডিকেলত নাম ভৰ্তি কৰিবলৈ গৈ থমকি ৰবলগীয়া হৈছিল৷ সংবাদ মাধ্যম যোগে আৰ্থিক সাহায় বিছাৰিছিল দ্বীপজ্যোতিৰ পৰিয়ালে৷ আজমল চিএছআৰৰ অধীনস্থ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্কজুল মা’ আৰিফৰ কাৰ্যবাহী সভাপতি শ্বামছুল হক চৌধুৰীয়ে লগে লগে ফোনযোগে যোগাযোগ কৰে দ্বীপজ্যোতিক৷

৩১ জুলাইত মৰ্কজুলৰ হোজাইস্থিত মুখ্য কাৰ্যালয়ত পিতৃ হাচিৰাম কলিতা সহ উপস্থিত হয় মেধাৱী ছাত্ৰ দ্বীপজ্যোতি৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ আৰু শ্বামছুল হক চৌধুৰীয়ে দ্বীপজ্যোতিক নাম ভৰ্তিৰ বাবে পোন্ধৰ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে মাহেকত দুই হাজাৰ টকাকৈ ছাত্ৰ বৃত্তি প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷

তেজপুৰ মেডিকেল কলেজত পঢ়িবলৈ মাহে আঢ়ৈ হাজাৰ টকাৰ প্ৰয়োজন বুলি ছাত্ৰজনে কোৱাত মৰ্কজুল মা’ আৰিফে মাহেকত দুই হাজাৰ টকাকৈ ব্যয় কৰাৰ সিদ্ধান্ত লয়৷ মৰ্কজুলৰ এই সহায়ৰ বাবে  কৃতজ্ঞতা জ্ঞাপন কৰে দ্বীপজ্যোতি বুদ্ধ কলিতাই৷