লংকাঃ পৰিৱৰ্তনৰ দোহাই দি ৰাজ্যৰ শাসনভাৰ দখল কৰা মিত্ৰজোঁটৰ চৰকাৰখনে গ্ৰাম্য অঞ্চলক গুৰুত্ব দিছেনে? নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছেনে?

৯২ নং লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত উদালী গাঁও পঞ্চায়তৰ অধীনৰ এটি পথৰ অৱস্থা দেখিলেই এই প্ৰশ্নই সকলোৰে মনত উদয় হয়৷

সমষ্টিটোৰ লংকা-নখুটি গড়কাপ্তানী পথৰ পৰা বৰদলৈপথাৰ গাঁৱৰ মাজেৰে উদালী-তিনিআলি তথা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ দুৰৱস্থাই স্থানীয় লোকসকলক জীয়াতু ভোগাই আহিছে। কিয়নো বোকা-পানীৰে বাৰিষাৰ পথাৰ সদৃশ হৈ পৰে পথটো।

পথটোৰ বৃহৎ বৃহৎ গাঁত আৰু বোকাৰ বাবে এতিয়া দুৰ্ভোগ ভোগ কৰি আহিছে সাধাৰণ ৰাইজে। জনপ্ৰতিনিধিয়ে পথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজে।