ডিজিটেল ৰিপ'ৰ্টঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক মঙলবাৰে দুপৰীয়া অচিনাক্ত দুৰ্বৃত্তই কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ পিছতে আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। মহানগৰীতো একাধিক দল-সংগঠন তথা বিশিষ্ট চিন্তাবিদসকলে এই ঘটনাৰ প্ৰতিবাদ কৰে। দীঘলীপুখুৰীৰপাৰত গণতন্ত্ৰ ৰক্ষা কৰো আহক শ্লোগানেৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, দীনেশ বৈশ্য, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, ইছমাইল হুছেইন, আপ নেতা কমল কুমাৰ মেধি, বাঘবৰ সমষ্টিৰ বিধায়ক আব্দুল খালেককে আদি কৰি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। একদৰে ৰাজধানী মছজিদতো এবিএমছুৰ সদস্যসকলে লাফিকুল হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

NNO মুছলপুৰঃ এবিএমছু নেতা লফিকুল ইছলাম হত্যাৰ প্ৰতিবাদ নিশাৰে পৰা বাক্সা জিলাটো অব্যাহত আছে। বাক্সাৰ কদমতলত এবিএমছু, অবড়ো সুৰক্ষা সমিতিৰ সদস্য সকলে টায়াৰ জলায় ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ডুমনি-টিহু পথ, নিকাছি-বৰবৰী-বৰমা পথতো টায়াৰ জ্বলাই অৱৰোধ কৰি তৎকালীনভাৱে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনায়। ইফালে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতা, অবড়ো যুৱ ছাত্ৰ পৰিষদ, বাক্সা জিলা গৰিয়া-মৰিয়া দেশী জাতি পৰিষদ, জনগোষ্ঠীয় ঐক্য মঞ্চ, আক্ৰাছুৰ উপ সভাপতি ভাৰত ৰাজবংশী আদি সংগঠনে ৪৮ ঘন্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে।

NNO লালুকঃ লালুকত লখিমপুৰ জিলা আমছুৰ উদ্যোগত আজি লাফিকুল ইছলামৰ হত্যাৰ প্ৰতিবাদত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ অৱৰোধ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক তীব্ৰ ভাষাৰে নিন্দা কৰি সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰাৰ দাৱী জনাই সৰ্বানন্দ সোণোৱাল চৰকাৰক পদত্যাগৰ দাবী জনাই লখিমপুৰ জিলা আমছুৰ সভাপতি ৰাজু ৰহমান আৰু সম্পাদক বদিউৰ ৰহমানে৷

NNO কোকিলাঃ বঙাইগাঁও জিলা মাজপাৰা বজাৰত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত ৰাইজে। লাফিকুল ইছলামক গুলিয়াই হত্যাৰ প্ৰতিবাদত প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে। হাতত অস্ত্ৰ তুলি লোৱাৰ ভাবুকি স্থানীয় লোকৰ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল পৰিৱেশ। এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দূৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছত বঙাইগাঁও জিলাৰ কোকিলাতো ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লাফিকুলৰ হত্যাৰ বিৰুদ্ধে আজি পুৱাৰ ভাগতে কোকিলা মাজপাৰা বজাৰত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি ৫ শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

NNO অভয়াপুৰীঃ লাফিকুল হত্যাৰ প্ৰতিবাদত বঙাইগাঁও জিলাৰ অভয়াপুৰীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰা হয়। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অভয়াপুৰী আঞ্চলিক  সমিতি আৰু আমছুৰ উত্তৰ শালমাৰা জিলা  সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়। এবিএমছুৰ সভাপতি লাফিকুল ইছলামক আহমেদক গুলীয়াই হত্যাৰ প্ৰতিবাদত এই প্ৰতিবাদী  কাৰ্যসূচী ৰূপায়ণ কৰে। আজি অভয়াপুৰীত পুৱা ১০ বজাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে সংগঠন দুটাই।

NNO তেজপুৰঃ লাফিকুল হত্যাৰ প্ৰতিবাদত আমছুৰ শোণিতপুৰ জিলা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেজপুৰৰ দোলাবাৰিৰ ৩৭নং (ক) ৰাষ্ট্ৰীয় ঘাইপথৰ পদ্মবিলত আজি দুই শতাধিক আমছু আৰু এবিএমছু কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদী ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তোলে ৷

NNO ঢেকীয়াজুলিঃ আমছুৰ শোনিতপুৰ জিলা সমিতিয়ে লাফিকুল ইছলাম হত্যাকাণ্ডৰ প্ৰতিবাদত ঢেকীয়াজুলিত ঢেকীয়াজুলি চাহ বাগিছাৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তোলে৷ আমছুৰ ঢেকীয়াজুলি আঞ্চলিক আৰু শোনিতপুৰ জিলা সমিতিৰ নেতা কৰ্মীয়ে হাতে-হাতে বেনাৰ পোষ্টাৰ লৈ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথটো ১ঘন্টা অৱৰোধ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে৷ অসম চৰকাৰ মুৰ্দাবাদ, গৃহ বিভাগ কাম নাই, মূখ্য মন্ত্ৰী মুৰ্দাবাদ, আৰক্ষী প্ৰশাসন হায় হায় আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলেসংগঠনটোৱে৷ এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি দোষিক কঠোৰ শাস্তি দিয়াৰ লগতে ঘটনাৰ চি বি আই তদন্তৰ দাবী জনাই ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শোনিতপুৰ জিলা আমছুৱে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে৷