গুৱাহাটীঃ প্ৰডিজী কমিউনিকেশ্যন এণ্ড মাৰ্কেটিং প্ৰাইভেট লিমিটেড অাৰু মহানগৰ অাৰক্ষীৰ যান-বাহন শাখাই অায়োজন কৰিছে ‘Alert today Alive tomorrow’ শীৰ্ষক এক সজাগতা সমদল।

দুৰ্ঘটনা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৬ অাগষ্টৰ পুৱা এক সমদল উলিয়াব প্ৰডিজী কমিউনিকেশ্যনে অাৰু মহানগৰ অাৰক্ষীৰ যান বাহন শাখাই।

পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণক অধিক সজাগ অাৰু সাৱধানতা অৱলম্বন কৰিবলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা বুলি বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযানৰ ব্ৰেণ্ড এম্বেচাডৰ দিগন্ত দাস, মহানগৰ অাৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত কুলেন্দ্ৰনাথ দাস আৰু প্ৰডিজী কমিউনিকেশ্যনৰ পৰিচালন সঞ্চালক নীতিন জৈনে উল্লেখ কৰে৷

পথ সুৰক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ ক্ষেত্ৰত যদিহে জনসাধাৰণ সচেতন হয় তেন্ত অধিক হাৰত বৃদ্ধি হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব বুলি উল্লেখ কৰে এ চি পি কুলেন্দ্ৰ নাথ দাসে।

নিজৰ জীৱনত সংঘটিত দুৰ্ঘটনাৰ কাহিনী বাখ্যা কৰি দিগন্ত দাসে পথচাৰী অাৰু চালকসকল সতৰ্ক অাৰু দায়িত্বশীল হোৱাৰ প্ৰয়োজন বুলি কৈ সাৱধানতাই জীৱন ৰক্ষা কৰে বুলি উল্লেখ কৰে।

পুৱা ৯বজাৰ পৰা ৰাজীৱ ভৱনৰ ওচৰত অনুষ্ঠিত হ’বলগীয়া সজাগতামূলক অভিযানত ৰাইজক অংশগ্ৰহণ কৰিবলৈ অাহ্বান জনাই এ চি পি কুলেন্দ্ৰ নাথ দাসে।