Image for Representation
Image for Representation

কোকৰাঝাৰঃ চৰকাৰৰ হাতত যিমান বৈধ অস্ত্ৰ আছে তাতোকৈ বেছি সংখ্যক অবৈধ অস্ত্ৰ বিটিএডিৰ মাটিৰ তলত আছে। একে ৪৭ৰ দৰে অস্ত্ৰবোৰ ২৫ বছৰ ধৰি মাটিৰ তলত থাকিলেও নষ্ট নহয়। লাফিকুলৰ হত্যাকাণ্ড সম্পূৰ্ণভাৱে ৰাজনৈতিক হত্যাকাণ্ড আৰু এনে হত্যাকাণ্ড সময়ে সময়ে সংঘটিত হৈ আহিছে। এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। 

আজি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই লাফিকুল ইছলাম আহমেদৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ পিছত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰে।

♦ লাফিকুলৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত এজনক আটক 

সাংসদ গৰাকীয়ে বিটিএডিত থকা অবৈধ অস্ত্ৰৰ পৰণতিতে সময়ে সময়ে এনে ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হয় বুলি মন্তব্যৰে পুলিয়ে পোঘাই ৰাজনৈতিক হত্যাকাণ্ডৰ সতে জড়িত অপশক্তিক ধ্বংস নকৰালৈকে এনে অপশক্তিয়ে সময়ে সময়ে এনে ঘটনা সংঘটিত কৰি থাকিব আৰু সেয়েহে জনতাই মাৰ বান্ধি অপশক্তিৰ বিৰুদ্ধে থিয় হোৱা উচিত বুলি মন্তব্য কৰে।

আনহাতে আমছুৰ সভাপতি আজিজুৰ ৰহমানে লাফিকুলৰ হত্যাকাণ্ডক ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰি বিটিএডিত উঠি অহা নেতাক হত্যা কৰাটো এক কু-প্ৰথা বুলিয়েই বিবেচিত হৈ আহিছে বুলি মন্তব্য কৰে। চৰকাৰে সংখ্যালঘু জনসাধাৰণৰ লগতে আন জনতাকো নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আৰু এইক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি মত প্ৰকাশ কৰে নেতাজনে।

আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে লাফিকুলৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দি বিটিএডিৰ  জনসাধাৰণ নিৰাপত্তাহীনতাত ভূগিছে বুলি মত প্ৰকাশ কৰি লাফিকুলৰ হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰি এইক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি কোকৰাঝাৰ আৰক্ষীয়ে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সতে জড়িত থকাৰ অভিযোগত গোসাঁইগাঁও থানাৰ অন্তৰ্গত দুই নং টকেয়ামাৰীৰ ইনতাজ আলি(৩০)ক গ্ৰেপ্তাৰ কৰিছে।

কাঠ মাফিয়া আৰু গৰুৰ চোৰাং সৰবৰাহৰ সতে জড়িত ইনতাজ আলিক গ্ৰেপ্তাৰ কৰা ঘটনাই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ আন এক দিশ উদঙাই দিছে। সম্প্ৰতি আৰক্ষীয়ে ইনতাজ আলিক সোধ-পোছ অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে লাফিকুলৰ হত্যাকাণ্ডৰ সৈতে জড়িত দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও সদৰী কৰে।