
বাহাকাবাৰীঃ নগাঁও জিলাৰ গৌৰৱ স্বৰূপ কামপুৰ চেনীকল ২০০২ চনৰ পৰা আজিলৈকে বন্ধ হৈ আছে৷ যন্ত্ৰ-পাতিl মামৰে ধৰাত জহি-খহি যাবলৈ আৰম্ভ কৰিছে চেনীকলটো। এনে পৰিপ্ৰেক্ষিতত কামপুৰৰ বিভিন্ন দল-সংগঠনে চেনীকলটো পুনৰাই কাৰ্যক্ষম কৰাৰ বাবে দাবী জনাই আহিছে৷
২০০২ চনৰ পৰা উৎপাদন বন্ধ হৈ থকাৰ ফলত হাবি-জংঘলে আগুৰি ধৰিছে চেনীকলটো৷ নগাঁও জিলাৰ তথা কামপুৰৰ বিভিন্ন দল-সংগঠনে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক চেনীকলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে উদ্যোগ গ্ৰহণৰ বাবে দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
চেনীকলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই কঠীয়াতলী ব্লক যুৱ কংগ্ৰেছে কামপুৰ চক্ৰ বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
বিগত ২৫ বছৰ ধৰি বঢ়মপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ সম্পূৰ্ণ উদাসীন মনোভাৱৰ বাবে কামপুৰৰ চেনীকলটো বন্ধ হৈ পৰা বুলি কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।
উদ্যোগটো পুনৰ কাৰ্যক্ষম হ'লে কামপুৰ অঞ্চল অৰ্থনৈতিকভাৱে আগুৱাই যাব বুলি কয় সংগঠনটোৱে। স্মৰ্তব্য যে, ১৫ বছৰে কংগ্ৰেছে ৰাজ্য শাসন কৰিছিল যদিও চেনী উদ্যোগটো কাৰ্যক্ষম কৰাৰ বাবে কোনো উদ্যোগ লোৱা পৰিলক্ষিত হোৱা নাছিল৷