04
Aug
2017

‘ভাল দিন’ৰ সপোন দেখুওৱাই এতিয়া খুব ‘ভাল’কৈয়ে সাধাৰণ জনতাক মূল্য বৃদ্ধিৰে মাধমাৰ শোধাইছে মোদী চৰকাৰে। বিমুদ্ৰাকৰণৰ পাছত দেশত অৰ্থনৈতিক অচলাৱস্থা হৈছে বুলি খোদ অৰ্থনৈতিক বিশেষজ্ঞই তথ্যসহ দাবী কৰাৰ পাছতো সৰ্বজান্তাৰ ৰূপত অৱতাৰ লোৱা মোদী চৰকাৰে এতিয়া এই অচলাৱস্থাৰ জোৰা মাৰিবলৈ লক্ষ্য কৰি লৈছে দেশৰ সাধৰণ জনতাক। যাৰ পৰিণতিত চৰম দুৰ্যোগৰ সন্মুখীন হৈছে ৰাইজ। শেহতীয়াকৈ এইখন জনবিৰোধী চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজ সাহায্য কৰ্তন কৰি ৰাইজ মূৰত আৰু টঙনিয়াইছে।