বোকাজানঃ চি আৰ পি এফে সুৰক্ষা দি টেংকাৰ নি থকাৰ সময়তে তেল চুৰি হয় অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত৷ সকলোৰে চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা খটখটীত এই ব্যৱসায় চলি আহিছে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰলৈ যায় তেল ভৰ্তি টেংকাৰসমূহ৷

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে (চি আৰ পি এফ) সুৰক্ষা প্ৰদান কৰি নাগালেণ্ড আৰু মণিপুৰলৈ লৈ যায় তেলৰ টেংকাৰসমূহ৷ যোৱাৰ সময়ত তেল ভৰ্তি টেংকাৰসমূহ খটখটি অঞ্চলৰ বিভিন্ন পাৰ্কিঙত ৰখাবলগীয়া হয়৷  পাৰ্কিঙত ৰখোৱাৰ সুবিধা লৈয়ে টেংকাৰসমূহৰ চালক-হেণ্ডিমেনে আৰু একাংশ অসাধু ব্যৱসায়ীয়ে বিপদ সংকুলভাৱে তেলৰ টেংকাৰসমূহৰ পৰা তেল চুৰি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।

ফলত অঞ্চলটোৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে৷ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী খটখটি অঞ্চলত দীৰ্ঘদিনধৰি টেংকাৰৰ পৰা তেল চুৰি কৰি চলাই অহা ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ লগতে চোৰাং ব্যৱসায়ত জড়িত লোকসকলক আটক কৰাৰ দাবীত আজি বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বোকাজান মহকুমাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে৷

সংগঠনটোৰ সভাপতি গৌতম বৰা আৰু সাধাৰণ সম্পাদক হিমাংশু দাসে স্বাক্ষৰ কৰা স্মাৰক পত্ৰ যোগে শীঘ্ৰে এই চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনায়৷ সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অৰ্ণৱ কাকতি, সহকাৰী সাধাৰণ সম্পাদক ভৱজ্যোতি বৰাৰ লগতে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকি মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে৷

উল্লেখ্য যে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া, খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ইণ্ডিয়ান অইল কৰ্পৰেচনৰ তিনিচুকীয়া সংমণ্ডলৰ মুখ্য সংমণ্ডল বিষয়া, ক্ষুদ্ৰ বিক্ৰী প্ৰৱন্ধক বিষয়ালৈ সুকীয়া সুকীয়া কৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে৷