কাজলগাঁওঃ ৫ আগষ্টত এবিএমছু আৰু আমছুৱে বন্ধ ঘোষণা কৰা নাই৷ আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে আজি এই কথা সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰে৷

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডৰ সৈতে জড়িত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত কাইলৈ ৫ আগষ্ট আৰু সাত আগষ্টত আমছু আৰু এবিএমছুৱে বন্ধ ঘোষণা কৰা বুলি প্ৰচাৰ হৈ থকাৰ মাজতে আজি এক সংবাদ মেল যোগে আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে এই প্ৰচাৰক ভুৱা প্ৰচাৰ আখ্যা দি কোনোধৰণৰ বন্ধৰ আহ্বান জনোৱা নাই বুলি কয়৷

আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ লগতে এবিএমছুৰ নেতৃত্বৰ যৌথ সংবাদমেলত লাফিকুল হত্যাকাণ্ড ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স’তে আলোচনা অনুষ্ঠিত হোৱা বুলি কয়৷

আলোচনাকালত মুখ্যমন্ত্ৰীক হত্যাকাৰী ধৰাৰ বাবে সময় ধৰি দিয়া বুলি কৈ আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰ আৰু এবিএমছুৰ চিৰাং জিলাৰ সভাপতি মামুদ আলীয়ে দৃষ্টি ৰাখিছে ৰখা বুলি কয়৷ লাফিকুলৰ হত্যা সন্দৰ্ভত আমছু আৰু এবিএমছুৱে গুৰুত্ব সহকাৰে কাম কৰি আহিছে ৷

নিৰ্ধাৰিত সময়ত চৰকাৰে কোনো গুৰুত্ব নিদিলে অামছু-এবিএমছুৱে ৰাজজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি কয়৷ কোনো সংগঠনে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ যাতে চেষ্টা নকৰে তাৰ বাবে ৰেজাউল কৰিম সৰকাৰে সকীয়াই দিয়ে৷