শিৱসাগৰঃ ফেচবুকত প্ৰেম কৰি ৰঙা ঘৰৰ আলহী হ’ল বিবাহিত যুৱক৷ শিৱসাগৰৰ ডিমৌৰ সমীপৰ বগলীপথাৰৰ যুৱক মনোজ গগৈৰ সৈতে আঁঠ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কল্যাণী দাস গগৈ নামৰ এগৰাকী যুৱতী।

মনোজৰ সৈতে বিবাহৰ পূৰ্বে কল্যাণীৰ প্ৰেমৰ সম্পৰ্ক আছিল গোবিন্দ ৰয় নামৰ ধুবুৰী জিলাৰ গোলোকগঞ্জৰ আন এজন যুৱকৰ সৈতে। প্ৰেমৰ পৰিণতি বিবাহ নহল। কল্যাণীৰ বিবাহ হ’ল বগলীপথাৰৰ মনোজৰ সৈতে। যাৰ ফলত গোবিন্দ ৰয়ৰ সৈতে যুৱতীগৰাকীৰ যোগসুত্ৰ নাইকিয়া হৈ পৰে।

ইফালে আঠ বছৰ আগৰ প্ৰাক্তন প্ৰেমিকক ছমাহৰ পূৰ্বে দুগৰাকী কন্যা সন্তানৰ মাতৃ কল্যাণীয়ে লগ পালে চছিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে। কল্যাণী আৰু গোবিন্দৰ সৈতে পুনৰ ফেচবুকতে কথা পাতি লগ হোৱাৰ পৰিকল্পনা কৰে। দেওবাৰে বজাৰ কৰিব আহি ডিমৌ চাৰিআলিলৈ আহি নিৰুদ্দেশ হয় কল্যাণী।

প্ৰেমিক গোবিন্দৰ সৈতে কল্যাণী পালেগৈ নগাঁও। স্বামী মনোজ গগৈৰ এজাহাৰৰ ভিত্তিত নিতাইপুখুৰী আৰক্ষীয়ে তদন্ত কৰি নগাঁৱৰ এজন বন্ধুৰ ঘৰৰ পৰা বৃহস্পতিবাৰে নিশা আটক কৰে দুয়োকে। অবৈধ প্ৰেমিক গোবিন্দ ৰয় এতিয়া ৰঙাঘৰৰ আলহী৷ তাৰ বিপৰীতে স্বামী মনোজ গগৈয়ে গ্ৰহণ নকৰা কল্যাণী দাস গগৈক। এই সমগ্ৰ ঘটনাই এতিয়া ডিমৌ আৰু নিতাইপুখুৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই এমাডিমা কন্যা সন্তানৰ মাতৃ কল্যাণী দাস গগৈৰ এনে কাণ্ডত লজ্জিত স্বামীৰ পৰিয়াল।