05
Aug
2017

ডিজিটেল ডেস্কঃ তিনি তালাক নিষিদ্ধকৰণৰ নিমিত্তে প্ৰধানমন্ত্ৰীয়ে চলোৱা চেষ্টাৰ বাবে সুখী দেশৰ মুছলমান মহিলা।
একেদৰে এই আদিম প্ৰথা বন্ধ কৰাৰ পোষকতা কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰো গুণমুগ্ধ তেওঁলোক। যাৰ বাবে দুয়োজন নেতাকে মুছলমান নাৰীকুলে স্বীকৃতি দিছে ভাতৃ হিচাপে।
তিনি তালাক নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ন্যায়িক যুঁজ চলাই থকাৰ পৰত মোদী আৰু যোগীক ভাতৃ হিচাপে মানি ৰাখী পিন্ধাবলৈ থিৰাং কৰিছে মুছলমান নাৰীয়ে।
উত্তৰ প্ৰদেশৰ উপকণ্ঠ অঞ্চলৰ মহিলাসকলে দুয়োজনৰ বাবে প্ৰস্তুত কৰিছে ৰাখী। ইতিমধ্যে মহিলাসকলে মোদী আৰু যোগীৰ ঠিকনাত প্ৰেৰণ কৰিছে ৰাখী।
মহিলাসকলৰ আশা তেওঁলোকক ভগ্নী হিচাপে স্বীকৃতি দি দুয়োজন নেতাই পিন্ধিব ৰাখী।