গুৱাহাটীঃ বিশ্ব জিনিব খোজে তেওঁলোকে৷ গাঁৱৰ মাটি-পানী গচকি ডাঙৰ-দীঘল হ'লেও বিশ্ব জিনাৰ সপোনে তেওঁলোকৰ মনত দোলা দি থাকে৷ সংযুক্তা দত্তৰ দৰে ডিজাইনাৰ নতুবা ফেশ্বনৰ জগতত উজলি উঠিব বিচাৰে তেওঁলোকে৷ গাঁৱৰ পৰা ওলাই গৈ ৰাজমুকুট পিন্ধিব খোজে তেওঁলোকে৷ কিন্তু বিশ্ব জিনাৰ বাবে তেওঁলোকক লাগে এখন মঞ্চ৷

আমাৰ ৰাজ্যত তেনে এখন মঞ্চৰ অভাৱ৷ তাৰ পাছতো যেন তেওঁলোকে ৰৈ থকা নাই৷ তেওঁলোকৰ বিশ্ব জিনাৰ সপোন দিঠক পৰিণত কৰাৰ প্ৰচেষ্টা চলাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ মেখেলা চাদৰ, ৰিহা-মুগাৰ মেখেলা, চেলেং আদি পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে ৰেম্পত খোজ দিয়াৰ সুবিধা দিছে সংগঠনটোৱে৷

এই সাজসমূহে বিশ্বত সমাদৰ লাভ কৰিবৰ বাবে ফেশ্যন নতুবা মডেলিঙত ব্যৱহাৰ হ’ব লাগিব বুলি ধাৰণা কৰিয়েই সংগঠনটোৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে উজনি অসমৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ লাকুৱাত সৌন্দৰ্য্য প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰে৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ উদ্যোগত মিষ্টাৰ আৰু মিছ দিচাংপৰীয়া অসম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ গ্ৰাম্য অঞ্চলত লুকাই থকা প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যে লাকুৱাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা মিষ্টাৰ আৰু মিছ দিচাংপৰীয়া প্ৰতিযোগিতাত যুৱক-যুৱতীয়ে লয়লাস ভংগীমাৰে ৰেম্পত খোজ দি দৰ্শকক অাপ্লুত কৰে৷

লাকুৱাৰ স্থানীয় সৃজনী প্ৰেক্ষাগৃহত আয়োজন কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সংগঠনটোৱে তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা সৌন্দৰ্য কৰ্মশালাৰ অন্তত ৩০ জুলাইত যুৱক-যুৱতীয়ে পৰম্পৰাগত আ-অলংকাৰ আৰু সাজ-সজ্জাৰে ৰেম্পত খোজ দি চৰ্চা আৰম্ভ কৰিলে বিশ্ব জিনাৰ৷

যুৱক-যুৱতীয়ে জনগোষ্ঠীয় সাজপাৰৰ লগতে বিভিন্ন পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গীতৰ তালে তালে ৰেম্পত খোজ দি দৰ্শকক আমোদ দিয়ে৷ প্ৰতিযোগিতাত মিষ্টাৰ দিচাংপৰীয়া, অসম খিতাপ লাভ কৰে তিনিচুকীয়াৰ ফিল'বাৰীৰ মুগ্ধজ্যোতি শইকীয়াই৷

প্ৰথম ৰানাৰ্ছ আপ লাভ কৰে শিৱসাগৰ পাটসাঁকোৰ মুছফিক আলি ৰহমান, দ্বিতীয় ৰানাৰ্ছ আপ লাভ কৰে ডিব্ৰুগড় চৌকিডিঙ্গীৰ প্ৰিয়াংশু সোণোৱাল আৰু মিছ দিচাংপৰীয়া সন্মান লাভ কৰে গোলাঘাট বৰপথাৰৰ সুস্মিতা শৰ্মা, প্ৰথম ৰানাৰ্ছ আপ নাজিৰাৰ চৈয়দা আজহাৰা জন্নত, দ্বিতীয় ৰানাৰ্ছ আপ লাভ কৰে নগাঁৱৰ হেনাজ চৌধুৰীয়ে৷

অানহাতে লিটল মাষ্টাৰ দিচাংপৰীয়া অসম খিতাপ লাভ কৰে বোকাখাতৰ প্ৰিন্সি বৰুৱা, প্ৰথম ৰানাৰ্ছ আপ তিনিচুকীয়া বৰডুবিৰ ঋষিকেশ বৰদলৈ অাৰু দ্বিতীয় ৰানাৰ্ছ আপ শিৱসাগৰ লাকুৱাৰ নিতুৰাজ বৰুৱা৷ অনুষ্ঠানটিত প্ৰশিক্ষক অাৰু আৰ্হি প্ৰস্তুতকৰণত উপস্থিত থাকে অসমৰ প্ৰখ্যাত ডিজাইনাৰ চাও চেং ৰাজকোঁৱৰ। 

• additional inputs from NNO Dibrugarh Special Tapan Saikia •