ধিংঃ ক্ষমতাই মূৰত ধৰিছে একাংশ বিজেপি নেতা-কৰ্মীক। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে নিজ দলৰ চৰকাৰ থকাত সাধাৰণ ৰাইজক মানুহ জ্ঞান নকৰা হৈ পৰিছে এইসকল নেতাই। সাধাৰণ মানুহ বাদেই মিত্ৰজোঁটৰ দলৰ নেতা-কৰ্মীকো কোনোধৰণৰ গুৰুত্ব নিদিয়ে এনেধৰণৰ ক্ষমতাই মূৰত ধৰা নেতাসকলে।

ক্ষমতাৰ খঁকে মূৰত ধৰা এনে এজন বিজেপি নেতাৰ আৱিৰ্ভাৱ ঘটিছে বটদ্ৰৱা সমষ্টিত। বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ এই নেতাজন বটদ্ৰৱা সমষ্টিত একপ্ৰকাৰ উঠি ৰজা-বহি ৰজা সদৃশ হৈ পৰিছে। বিধায়িকা আঙুৰলতাৰ লগতে দলৰ কেবাগৰাকী জ্যেষ্ঠ নেতাৰে থকা সু-সম্পৰ্কৰ বাবেও এই স্থানীয় নেতাজনে অঞ্চলটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈ আহিছে বুলিও বহুতে মন্তব্য কৰা দেখা গৈছে।

এই বাহুবলী নেতাজন হৈছে বিজেপিৰ কলিয়াবৰ জিলাৰ উপ-সভাপতি অতুল পাটৰ। উত্থাপিত অভিযোগ অনুযায়ী সমষ্টিটোৰ দলংঘাট উন্নয়ন খণ্ডৰ অধীনৰ ৰাইডঙীয়া পঞ্চায়তৰ অগপ দলৰ সদস্যা সুৰদেৱী পাটৰক দীৰ্ঘদিন ধৰি ভয়-ভাবুকি প্ৰদান কৰি নিজ ইচ্ছাৰে চলাই গৈছিল কাম-কাজ।  

 

প্ৰাপ্ত বাতৰি মতে, পঞ্চায়তটোত ২ লাখ টকাৰ এক বৃক্ষ ৰোপণ অাচঁনিৰ কামক লৈ অগপ দলৰ অাঞ্চলিক পঞ্চায়তৰ সদস্যা সুৰদেৱী পাটৰৰ স্বামীক অভব্য অাচৰণ কৰে বিজেপি নেতা অতুল পাটৰে। পঞ্চায়ত সদস্যাগৰাকীৰ অজ্ঞাতে বিজেপি নেতাগৰাকীৰ নেতৃত্বত সাংগো-পাংগোৱে আৰম্ভ কৰিছিল বৃক্ষ ৰোপণ। শুকুৰবাৰে পঞ্চায়ত সদস্যগৰাকীৰ স্বামীয়ে এই কামত বাধা দিয়াত হুমকি প্ৰদান কৰাৰ লগতে হতাহতিত লিপ্ত হয় অতুল পাটৰ নামৰ বিজেপিৰ নেতাজন।

অানকি সেইসময়ত কেমেৰাত ৰেকৰ্ডিং কৰি থকা সাংবাদিকলৈও চোঁচা লয় এইগৰাকী বিজেপি নেতাই। পঞ্চায়তটোত যি কোনো অাচঁনিৰ কাম অগপৰ প্ৰতিনিধিগৰাকীয়ে কৰিব নোৱাৰিব বুলিও হুমকি প্ৰদান কৰে। হাফপেন্ট পৰিহিত বিজেপি নেতাগৰাকীৰ মুখত অনৰ্গল নিগৰিত হয় অশ্লীল শব্দ। 'নিউজ নেক্সট ৱান’ৰ স্থানীয় সাংবাদিকগৰাকীকো অভব্য আচৰণ কৰে নেতাজনে।

এনে পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ যদিও বটদ্ৰৱাত এই নেতাজনে অগপক কোনো গুৰুত্বই নিদিয়ে বুলি অভিযোগ উত্থাপিত হৈছে। অতুল পাটৰৰ এনে অাচৰণৰ ফলত সমষ্টিটোত বিজেপিৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱা দেখা গৈছে। 

অভিযোগ মতে ৰাইডঙীয়া পঞ্চায়তৰ প্ৰতিটো কাম-কাজেই নিজৰ বাহু বলেৰে চলাবলৈ চেষ্টা চলাই আহিছে নেতাজনে। এই ক্ষেত্ৰত বিজেপি দল তথা সমষ্টিটোৰ বিধায়িকা অাঙুৰলতা ডেকাই দালাল প্ৰকৃতিৰ এই নেতাজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে তালৈ বাট চাই ৰৈছে স্থানীয় ৰাইজে।