গুৱাহাটীঃ ৰাজ্যৰ প্ৰথমিক বিদ্যালয়ৰ শিক্ষকসকলে আজি শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ শিক্ষা বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে শিক্ষকসকল৷

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাথমিক শিক্ষকৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ জনায়৷

শিক্ষকৰ ৰাষ্ট্ৰীয় সংগঠন অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বান মৰ্মে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিদ্যালয়ত কৰ্মৰত বেতন বঞ্চিত সকলো শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনায়৷

আনহাতে সন্মিলনীয়ে স্নাতক শিক্ষক আৰু প্ৰধান শিক্ষকৰ গ্ৰে-পে শীঘ্ৰে মুকলি কৰি দিয়া, ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, সম কামৰ বাবে সমহাৰৰ দৰমহা দিয়া, পুৰণি পেঞ্চন নীতি বাহাল ৰখা আদি দাবীত ধৰ্ণা তথা বিক্ষোভ প্ৰদৰ্শন কৰে ৰাজ্যজুৰি৷

প্ৰতিবাদকাৰী শিক্ষকসকলে চৰকাৰে তেওঁলোকৰ দাবী মানি নললে পুনৰাই পাঠদান কৰিবলৈ এৰি প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে৷ 

NNO শিৱসাগৰঃ প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিৱসাগৰ আৰু নাজিৰা মহকুমা সমিতিয়ে শিৱসাগৰত ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ-নাজিৰা প্ৰাথমিক শিক্ষক সন্মিলনীৰ যুটীয়া আহ্বানত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই ঘোষিণা কৰা ৪ দফীয়া দাবীৰ সমৰ্থনত শিৱসাগৰত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। শিৱসাগৰ মহকুমা শিক্ষক সন্মিলনৰ সম্পাদক বিমল চন্দ্ৰ গগৈয়ে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনায়। প্ৰাথমিক শিক্ষকৰ নিতৌ নতুন সমস্যাৰ সৃষ্টি হৈ অহা বুলি কৈ গগৈয়ে উপস্থিত শিক্ষকসকলৰ সহযোগিতা আৰু দিহা-পৰামৰ্শৰ প্ৰয়োজন বুলি কয়। নাজিৰা মহকুমা সন্মিলনৰ সাধাৰণ সম্পাদক শৈলেন কলিতা, প্ৰাক্তন সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সদস্য প্ৰদীপ কুমাৰ বৰা কাৰ্যৰ্সূচীত উপস্থিত থাকে।

NNO লাহোৱালঃ ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়েও আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে  ২ ঘণ্টীয়া বিক্ষোভ আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰি তেওঁলোকৰ দাবীসমূহ পূৰণৰ দাবী জনায়৷  

NNO বিশ্বনাথঃ নতুন পেঞ্চন বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, দেশৰ সকলো ৰাজ্যতে ১ জানুৱাৰী ২০১৬ চনৰ পৰা সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা আদি বিভিন্ন দাবীত বিশ্বনাথ জিলা প্ৰাথমিক শিক্ষক সন্মিলনে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

NNO ওদালগুৰিঃ নতুন পেঞ্চন নীতি শীঘ্ৰে বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত আজি ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী পালন কৰে ওদালগুৰি মহকুমা শিক্ষক সন্মিলনীয়ে। দিনৰ ১১ বজাৰ পৰা ২বজালৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় অৰ্ধ শতাধিক শিক্ষকে অংশগ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।