05
Aug
2017

প্ৰতিকী ফটো
কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ কপিলী নৈত আজি এজন লোকে জপিয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
কপিলী নৈৰ দলঙৰ পৰা ঘিলানী গাঁৱৰ টিকম হাজৰিকা নামৰ লোকজনে জপিয়াই বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
জানিব পৰা মতে, শনিবাৰে দুপৰীয়া লোকজনে কপিলী দলঙত উপস্থিত হৈ নৈত জাঁপ দিয়ে। কেইগৰাকীমান লোকে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও বাধা নামানি তেওঁ জাপ মাৰে।
পিছত স্থানীয় লোকে নৈখনত লোকজনৰ সন্ধান কৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণত লোকজনে দলঙৰ পৰা নদীত জাঁপ দিলে সেই কথা জানিব পৰা হোৱা নাই।