
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ তিতাগুৰিত যোৱা এক আগষ্টত দিন-দুপৰতে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ বৰ্বৰোচিত হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লগাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদৰ এটি সজাতি দলে কোকৰাঝাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
অগপ দলৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অহা ১৫ জনীয়া অগপৰ সঁজাতি দলটিয়ে প্ৰথমে কোকৰাঝাৰ চহৰত পদাৰ্পণ কৰি তিতাগুৰিৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছালাকাটিস্থিত লাফিকুলৰ শোকস্তব্ধ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰে ৷
কোকৰাঝাৰ পৰিৰ্দশন কালত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সাংবাদিকৰ আগত লাফিকুলৰ হত্যাকাণ্ডত দুখ প্ৰকাশ কৰি যুৱ ছাত্ৰ নেতাগৰাকীৰ হত্যাই অসমৰ যি ক্ষতি কৰিলে আৰু এই ক্ষতি পূৰণ কৰাটো সাধ্য নহ'ব বুলি মন্তব্য কৰে৷
তেওঁ লাফিকুলৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰি লাফিকুলৰ দৰে এজন দূৰদৰ্শী ছাত্ৰ নেতাৰ হত্যাকাণ্ডক চৰকাৰে উপযুক্ত তদন্তৰে দোষীক কৰায়ত্ত কৰিবই লাগিব বুলি দোহাৰি এইক্ষেত্ৰত ৰাজ্যচৰকাৰে চি বি আইৰ দ্বাৰা লোৱা তদন্তৰ সিদ্ধান্তত অগপ দল একমত বুলি কয়৷
মহন্তই লাফিকুলৰ হত্যাকাণ্ড চিবিআইৰ দ্বাৰা তদন্ত কৰিলে বহু তথ্য ওলাই পৰিব বুলি মত পোষণ কৰে ৷ সাংবাদিকে আইন শৃংখলা আৰু নিৰাপত্তাৰ দিশত গাফিলতি হৈছে নেকি সোধা এক প্ৰশ্নোত্তৰত মহন্তই তদন্তত সকলো পোহৰত আহিব বুলি মন্তব্য কৰি অকল কোকৰাঝাৰ জিলাই নহয় সমগ্ৰ অসমতে জনগাথঁনিৰ বিপৰীতে নিৰাপত্তা বাহিনী কিছু কম থকা বুলি স্বীকাৰ কৰে অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই৷
উল্লেখ্য যে মহন্তৰ সৈতে আজি কোকৰাঝাৰ পৰিদৰ্শন কালত সংগ দিয়ে অগপ দলৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস,সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু নুৰ হুছেইনৰ উপৰি ধ্ৰৱজ্যোতি শৰ্মা আৰু ৰেজাউল কৰিম চৌধুৰীয়ে।