
হোজাইঃ একাংশ লোকে দৰিদ্ৰতাৰ সুযোগ লৈ কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ গাভৰুক বহিঃৰাজ্যলৈ নি বিক্ৰী কৰাৰ উদাহৰণ বহু আছে৷ নাৰী ব্যৱসায়ী চক্ৰ ৰাজ্যত আজিও সক্ৰিয়৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰী-যুৱতীক নি বহি:ৰাজ্যত বিক্ৰী কৰাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে হোজাই আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰো এজনক আটক কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষী৷
হোজাইত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এই চক্ৰটোৱে হোজাইৰ বিভিন্ন ঠাইৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে যুৱতী সৰবৰাহ কৰি বহি:ৰাজ্যত বিক্ৰী কৰি আহিছিল৷
প্ৰাপ্ত বাতৰি মতে, যোৱা ১১ মে’ত হোজাইৰ কলেজ ৰোড অঞ্চলৰ পৰা দুগৰাকী বাৰ বছৰীযা কিশোৰী নিৰুদ্দেশ হয়৷ পৰিয়ালৰ লোকে নিৰুদ্দেশ সম্পৰ্কত হোজাই থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে ২৭৭-১৭ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷
আৰক্ষীয়ে মিনাৰুল নেচা নামৰ এগৰাকী মহিলাই কিশোৰী দুজনীক বিভিন্ন প্ৰলোভনেৰে দিল্লীলৈ নি সমাজ বিৰোধী চক্ৰৰ হাতত গতাই দিয়া বুলি তথ্য লাভ কৰে৷ হোজাই আৰক্ষীয়ে বিশেষ তৎপৰতাৰে তদন্ত আৰম্ভ কৰে৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ মুখাৰ্জী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস দিল্লীলৈ ৰাওনা হয়৷
প্ৰথমবাৰ দিল্লীৰ পৰা বিফল হৈ আহে যদিও পুনৰাই আৰক্ষীয়ে দিল্লীলৈ গৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে৷ হোজাই আৰক্ষীযে দিল্লী আৰক্ষীৰ সহযোগত দিল্লী কাজুমাৰ্ঘ থানাৰ অন্তৰ্গত ২৬ সেক্টৰৰ নিবাসী মুজাহিদ সুৰীয়া নামৰ লোকজনৰ ঘৰত অভিযান চলাই কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে মুজাহিদ সুৰীয়াক আটক কৰি তদন্তৰ খাতিৰত অসমলৈ লৈ আহে৷
আৰক্ষীযে আজি ধৃত সুৰীয়াক আদালতত হাজিৰ কৰি পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়৷ ইফালে উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীৰ মতে দিল্লীত এতিয়াও বহু অসমীযা যুৱতী নাৰী সৰবৰাহকাৰীৰ কবলত পৰি বিনিদ্ৰ ৰজনী কটাই আছে৷