গোৰেশ্বৰঃ চৰকাৰে যেতিয়া বিজ্ঞান-প্ৰযুক্তিৰ সুবিধা ৰাইজক প্ৰদানত ব্যৰ্থ হয় তেতিয়াই জনসাধাৰণ ওলাই আহে বিভিন্ন পৰম্পৰা পালন কৰিবলৈ। দীৰ্ঘদিন ধৰি  প্ৰকৃতিয়ে বৰষুণ টুপিৰ পৰা বঞ্চিত কৰাত পথাৰ শুকাই চিৰাল ফাট মেলিছে। এতিয়া কৃষকে বহু আশাৰে কৰা ধান খেতিডৰা পানীৰ অভাৱত ৰঙচুৱা হৈ নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে।

সেয়ে পৰম্পৰা বিশ্বাসী বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ ৫নং গোৰেশ্বৰ বাগানবস্তিৰ ৰাইজ এতিয়া ওলাই আহিছে ভেকুলী বিয়া পাতিবলৈ। ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা অনুসৰি আজি বাগানবস্তিৰ ৰাইজে খুব ধুমধামেৰে ভেকুলী বিয়া পাতে বৰষুণৰ আশাৰে।

পৰিতাপৰ বিষয় যে গোৰেশ্বৰত কোটি কোটি টকা শুক্লাই জলসিঞ্চন আচঁনিৰ নামত খৰচ কৰি অহাৰ পিছতো কিন্তু খেতিয়ক ৰাইজে নিজৰ কৃষিভূমিৰ বাবে এটুপি পানী পাবলৈ সক্ষম হোৱা নাই। জলসিঞ্চন নহৈ ধনসিঞ্চনৰ মাধ্যম হৈ পৰা শুক্লাই জলসিঞ্চনৰ আশা বাদ দি এতিয়া ৰাইজে পৰম্পৰা অনুসৰি ভেকুলী বিয়াকে আয়োজন কৰিছে।

কিজানিবা এটুপি পানী খেতিডৰাৰ বাবে বৰুণ দেৱতাই কৃপা কৰি দিয়েই। বাগানবস্তিৰ প্ৰফুল্ল মাঝিৰ ঘৰত সেয়ে আজি সন্ধিয়াৰে পৰা ওখল-মাখল পৰিৱেশ। ভেকুলী দৰা আহিছে কইনা ঘৰলৈ। লগত ঢাক ঢোল আৰু বেণ্ডপাৰ্টীলৈ পানী তোলা পৰ্বৰ পৰা ৰাইজক আপ্যায়ন কৰালৈ সকলো নিয়ম পালনৰে বিয়াৰ আয়েজন চলে।

মুঠৰ ওপৰত বেছ উৎসাহৰে অন্ধবিশ্বাস হ'লেও সম্পূৰ্ণ জনবিশ্বাস অনুসৰি পৰম্পৰা ৰক্ষা কৰি ৰাইজে ভেকুলী বিয়া অনুষ্ঠিত কৰে। এতিয়া বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিয়ালৈ আশাৰে বাট চাইছে গোৰেশ্বৰৰ বাগানবস্তিৰ ৰাইজে। তেওঁলোকৰ বিশ্বাস যে ভেকুলী বিয়াৰ পিছতে অসমৰ সমগ্ৰ খৰাং পীড়িত এলেকাত বৰষুণ হ'ব আৰু খেতিয়কৰ মুখলৈ হাঁহি ঘূৰি আহিব।