মৰাণঃ কলমেৰে নিগৰা শব্দৰে কেতিয়াবা প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যক জীপাল কৰে তেওঁ৷ প্ৰেমিক হৈ ভালপোৱাৰ সংজ্ঞাও দিব খোজে তেওঁ৷ চৰাই, চিৰিকতি, পাহাৰ, নৈ-নিজৰা, গাঁৱৰ লুঙলুঙীয়া বাটৰ হেৰাই যোৱা প্ৰতিচ্ছবি অংকন কৰিব খোজে তেওঁ৷

সমাজত সংঘটিত অন্যায়, হত্যা-হিংসাৰ বিৰুদ্ধে কেতিয়াবা বিদ্ৰোহীও হৈ পৰে তেওঁ৷ শব্দৰ মায়াজালেৰে কাগজৰ পৃষ্ঠা ভৰোৱা তেওঁ খনিন্দ্ৰ ডেকাবৰুৱা৷ সাহিত্যৰ পথাৰত সক্ৰিয় হৈ থাকিব খোজা খনিন্দ্ৰ ডেকাবৰুৱা। টিংখাঙৰ কবিগৰাকীয়ে স্কুলীয়া দিনৰে পৰা লিখা-মেলা অব্যাহত ৰাখিছে৷

১৯৯১ চনৰ ৩১ ডিচেম্বৰত টিংখাং ধমনৰ এটা কৃষক পৰিয়ালত  জন্ম গ্ৰহণ কৰে খনিন্দ্ৰ ডেকাবৰুৱাই। ভোগেন ডেকা বৰুৱা আৰু পদুমী ডেকা বৰুৱা ঔৰসত জন্মগ্ৰহণ কৰা খনিন্দ্ৰই প্ৰাথমিক শিক্ষা ধমনৰ পৰা আৰম্ভ কৰি টিংখাং মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।

শৈশৱত মৌচাকৰ দৰে আগশাৰীৰ শিশু আলোচনীত নিজৰ সৃষ্টি প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল৷ পঢ়ি থকাৰ পৰাই বিভিন্ন কাকত, আলোচনী, স্মৰণিকাত গল্প-কবিতা আদি প্ৰকাশ পাইছিল খনিন্দ্ৰৰ। শেহতীয়াকৈ "তুমি আজি মোক নুসুধিবা মই কেনে আছোঁ" নামৰ কাব্য গ্ৰন্থ প্ৰকাশ কৰে খনিন্দ্ৰই৷ 

ইয়াৰ মাজতে উজনি অসমৰ বৌদ্ধিক অনুষ্ঠান প্ৰজন্ম’ই ২০১৭ বৰ্ষৰ প্ৰজন্ম উদীয়মান কবি বঁটাৰে সন্মানিত কৰে কবিগৰাকীক৷ যোৰহাট প্ৰেছ ক্লাৱত অলপতে অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়৷ কবিগৰাকীয়ে মনোৰম গল্পৰে সমৃদ্ধ ‘গাধ’ নামৰ আন এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।