06
Aug
2017

মঙলদৈঃ কৈ থাকিলে শেষ নহয় ৰাজ্যৰ শক্তি বিভাগৰ গাফিলতিৰ কথা৷ কৰবাত যদি তাঁৰ ছিগি পৰি থকাৰ ফলত মানুহ মৰিছে কৰবাত আকৌ বাঁহৰ খুঁটাৰে টানি নিছে বিদ্যুৎ পৰিবাহী তাঁৰ৷
কৰবাত হাবি জংঘলে আৱৰি ৰাখিছে ট্ৰেন্সফৰ্মাৰ, আন কৰবাত গছত বিদ্যুৎ পৰিবাহী তাৰ বান্ধি সৰবৰাহ কৰিছে বিদ্যুৎ৷ মুঠৰ ওপৰত বিভাগটোত এতিয়া পয়মালেই পয়মাল৷
ৰাজ্যত বিভিন্ন ঠাইৰ লগতে দৰং জিলাৰ দলংঘাটৰ বৰঝাৰতো এইবাৰ আতংকিত হৈ পৰিছে ৰাইজ৷ অঞ্চলটোত আও পুৰণি কাঠৰ খুঁটাৰে বিদ্যুৎ তাৰ টানি ১১ হেজাৰ ভল্ট বিদ্যুত সৰবৰাহ কৰি আহিছে৷
কাঠৰ খুঁটাসমূহৰ গুৰি পচিবলৈ ধৰাত ভাঙি পৰাৰ ভয়ত ৰাইজ আতংকিত হৈ পৰিছে৷ বিভাগীয় কৰ্তৃপক্ষ তথা টংলা সংমণ্ডলে বছৰ বছৰ ধৰি এনেদৰে কাম চলাই থকাত ক্ষোভিত হৈ পৰিছে ৰাইজ।
খুঁটাসমূহ যি কোনো মুহুৰ্ততে ভাঙি পৰাৰ আশংকা কৰি ৰাইজে শীঘ্ৰে সলনি কৰি দিবলৈ দাবী জনাইছে।