অভয়াপুৰীঃ বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ এইবোৰ সাম্প্ৰদায়িক, দুৰ্নীতিগ্ৰস্ত আৰু জনবিৰোধী দল, এইটো সময়ত বিকল্প গঢ়াটো আমাৰ নৈতিক দ্বায়িত্ব, যদি অসমবাসীয়ে সেই বিকল্প গঢ়িবলৈ মোক সুযোগ দিয়ে তেন্তে মই প্ৰস্তুত। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাত আজি অনুষ্ঠিত এক বিশাল গমসমাৱেশত এই বক্তব্য প্ৰদান কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ আৰু কয় যে, নৰেন্দ্ৰ মোদী হৈছে বিদেশী পুঁজিপতিৰ দালাল। মোদীয়ে দেশখন পুঁজিপতিৰ হাতত বিক্ৰী কৰিবলৈ ওলাইছে বুলিও তেওঁ অভিযোগ কৰে। মোদী চৰকাৰখনে দেশৰ সকলো সম্পদ আৰু সকলো বিভাগক ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পুঁজিপতি সকলৰ হাতত গতাই দি আছে বুলি উল্লেখ কৰি সাধাৰণ জনতাক এই মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিবৰ বাবে বিজেপি-আৰ এছ এছে পৰিকল্পিত সাম্প্ৰদায়িক বিভেদ আৰু সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে।

♦ CLICK HERE: ২৫ ছেকেণ্ডত এখন হাতেৰে লুটিলে ১০ হাজাৰ

উল্লেখ্য যে, বিজেপি-আৰ এছ এছৰ চূড়ান্ত সাম্প্ৰদায়িক, জনবিৰোধী আৰু অসমীয়া জাতিধ্বংসী সিদ্ধান্তৰ বিৰোধিতাৰ লগতে বান-গৰাখহনীয়া, ভূমিপট্টা, এন আৰ চি, ডি ভোটাৰ আদি সমস্যাৰ স্থায়ী সমাধান, অমানৱীয় উচ্ছেদ বন্ধৰ দাবীৰ লগতে ভৈৰৱচূড়া পাহাৰ ধ্বংসৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰা ৰাজহুৱা খেলপথাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বালাপাৰা অঞ্চলিকৰ উদ্যোগত আজি অনুষ্ঠিত এই বিশাল গণ সমাবেশ অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গণ মুক্তি সংগ্ৰাম, অসমৰ আহ্বায়ক কৃষক নেতা অখিল গগৈ। 

"মোক মুছলমান নালাগে, মোক হিন্দু, খ্ৰীষ্টাইন নালাগে,মোক মানুহ লাগে, আমি মানুহ লৈ সংগ্ৰাম কৰিম, আমাৰ অধিকাৰ কাঢ়ি আনিম। ইয়াৰে যোগীঘোপাৰ অশোক কাগজ কল প্ৰায় ডেৰ দশক ধৰি বন্ধ কৰি ৰাখিছে পুঁজিপতিৰ স্বাৰ্থত। নিকটৱৰ্তী ভৈৰৱচুড়া পাহাৰ ধ্বংস কৰি চৰকাৰ খনে বিক্ৰী কৰিব বিচাৰিছে অনাঅসমীয়া বনিকৰ হাতত। যি সময়ত পৰ্যটকথলী হোৱাৰ থল আছিল সেই সময়ত সেইবোৰ বাণিয়াৰ ব্যৱসায়ীৰ থলী কৰি সাধাৰণ মানুহৰ জীৱন-বাসস্থান আদিৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিব বিচাৰিছে।"-কৃষক নেতাজনে কয়। 

ঔডুবি অঞ্চলত চম্পা নদীৰ গৰাখহনীয়াই জন-জীৱনৰ বিস্তাৰ ক্ষতি কৰি আছে যদিও চৰকাৰৰ কোনো কানসাৰ নাই বুলি অভিযোগ তুলি তেওঁ বঙাইগাঁও আৰু গোৱালপাৰা জিলা সমিতিয়ে ঐক্যবদ্ধভাবে এই বিষয়বোৰক লৈ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। এন আৰ চি আৰু ডি ভোটাৰ প্ৰসংগ উল্লেখ কৰি  এন আৰ চি প্ৰসংগত সৰ্বানন্দ সোণোৱালে ছুপ্ৰিম কোৰ্টৰ ধমকি খাইছিল বুলি গগৈয়ে কয়। ধমকি খালেও সৰ্বানন্দৰ লাজ নাই বুলিও কয় অখিলে।

"আমি দাবী কৰোঁ এন আৰ চি নির্ভুল আৰু বৈষম্যহীন ভাবে সম্পূৰ্ণ কৰক, কোন স্বদেশী কোন বিদেশী ওলাই পৰিব। তাৰ লগে-লগেই বিদেশী সমস্যাৰ লগতে ডি ভোটাৰৰ সমস্যাও শেষ হ'ব।বিজেপিয়ে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ নমাই আনিছে। বৈষম্যমূলক ভাবে উচ্ছেদ চলাই আছিল। শেহতীয়াকৈ বান সাহায্যৰ নামত সংখ্যালঘু সকলক বৈষম্যৰ দৃষ্টিৰে চোৱা হৈছে, মোৰ হাতত তথ্য আছে, ভিডিঅ আছে।"-এইদৰে কয় কৃষক নেতাজনে।

ইফালে, লাফিকুল হত্যা প্ৰসংগ উল্লেখ কৰি তেওঁ সভাখনত ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লয়। "লাফিকুল হত্যাকাণ্ডত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক জড়িত আছে বুলি প্ৰশ্ন উঠিছে। এছ পি ৰাজেন সিঙৰ প্ৰকৃত বন্ধু কোন সকলোৱে জানে। সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। তেনে সময়ত হিমন্ত বিশ্ব শৰ্মাকো লাফিকুল হত্যাকাণ্ডৰ তদন্তৰ আওতালৈ আনিব লাগে।"-হিমন্ত বিশ্ব শৰ্মাৰ লাফিকুল হত্যাকাণ্ডৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰি এইদৰে কয় অখিল গগৈয়ে।

আজিৰ গণসমাৱেশত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, যুৱ লেখক-সমাজকৰ্মী আশ্ৰাফুল হুছেইন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আমিনুল হক আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

♦ CLICK HERE: অচিন কাঠৰ থোৰা... বন্ধুত্বতো থাকে স্বাৰ্থ

সভাখনত কৃষক মুক্তি সংগ্রাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহীধৰ ৰয়, সম্পাদক নন্দন দেৱ নাথ, ধুবুৰী জিলা সমিতিৰ সভাপতি হবিবৰ ৰহমান খান, কাৰ্যকৰী সভাপতি আলী আকবৰ মিয়া, সম্পাদক নাজিমূল হক, গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি হুছেইন আহমদ মাদানী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বালাপৰা আঞ্চলিক সমিতিৰ সভাপতি মেহ্ফিজুৰ ৰহমান, সম্পাদক আব্দুল মান্নান আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বালাপাৰা আঞ্চলিক সমিতিৰ সভাপতি ইছমাইল হুছেইন আৰু সম্পাদক আব্দুৰ ৰহিমকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বৃহত্তৰ বালাপাৰা-যোগীঘোপা অঞ্চলৰ ঔডুবি, কচুদোলা, বালাজানি, খেলুৱাপাৰা, টিলাপাৰা, দলনী বিল, চলন্ত পাৰা, পাঁচনীয়া, চট পাৰা, মালেগঢ়, অভয়াপুৰী আদি কৰি বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় দহ সহস্ৰাধিক লোকক কৃষক নেতা অখিল গগৈয়ে হিন্দু-মুছলমানৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, সম্প্ৰীতি বজাই ৰাখিব লাগিবই, সৰ্বহাৰাৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, সাম্প্ৰদায়িক শক্তি হুছিয়াৰ, দুৰ্নীতি-শোষণ আৰু সাম্প্ৰদায়িকতাবাদ মুক্ত অসম আমাক লাগিবই বুলি মুষ্টিবদ্ধ হাত গগণমুখী কৰাই সংকল্প গ্ৰহণ কৰোৱায়।