
ঢেকীয়াজুলিঃ ৮৩ৰ অসম আন্দোলনৰ হোতা জাতীয়তাবাদী পুলিন নাথক স্মৰণ কৰিলে শোণিতপুৰ জিলাৰ কাৱৈমাৰীবাসীয়ে৷ ২০১৬ চনৰ ৬ আগষ্টত শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ ছহীদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতেই জটিল ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক আকোৱালি লৈছিল পুলিন নাথে৷
শোণিতপুৰৰ বিহগুৰিৰ পুলিন নাথ আছিল ছাত্ৰৱস্থাৰ পৰাই সংগ্ৰামী মনৰ লোক৷ অসম আন্দোলনৰ সময়ত অতি নিষ্ঠা আৰু সাহসিকতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে আন্দোলনত জপিয়াই পৰি সংগ্ৰাম কৰি গৈছিল৷
শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত পুলিন নাথৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হোৱাত স্মৃতিচাৰণ কৰে ৰাইজে৷ এগৰাকী অগ্ৰণী নেতা তথা শিক্ষক প্ৰয়াত পুলিন নাথৰ বছেৰেকীয়া শ্ৰাদ্ধ উপলক্ষে পৰিয়াল তথা গুণমুগ্ধ সকলে প্ৰকাশ কৰি উলিয়াই "স্মৃতিঅৰ্ঘ্য" নামৰ এখনি স্মৃতিগ্ৰন্থ৷ কাৱৈমাৰী ঘটুৱাস্থিত প্ৰয়াত পুলিন নাথৰ বাসগৃহত অগণন গুণমুগ্ধ উপস্থিতিত "স্মৃতিঅৰ্ঘ্য" নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰত্নেশ্বৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ সভাত অগপ দলৰ শোণিতপুৰ জিলা সমিতিৰ সুশিল শৰ্মা, অগপৰ জেষ্ঠ নেতা দীলিপ বৰাৰ লগতে আন্যান্য দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে৷ প্ৰয়াত নাথৰ পত্নী ভাৰতী দেৱীৰ সহায়ত শিক্ষক দীলিপ মহন্ত আৰু কৃষ্ণ বৰাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থখন উন্মোচন কৰে কাৱৈমাৰীৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন নেতা বীৰেন বৰাই ৷
প্ৰয়াত পুলিন নাথৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লোকনাথ নাথে৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথ, জিলা সম্পাদক বিপুল কুমাৰ নাথ, নাথ যোগী সন্মীলনীৰ নেতা জগবন্ধু নাথ, বলীন নাথ, তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মীলনীৰ সভাপতি জ্যোতি ভট্ৰাচাৰ্য, সম্পাদক অৱনী বৰা আদিৰ লগতে প্ৰায় দুকুৰি শিক্ষক সভাত উপস্থিত থাকে৷