কামপুৰঃ বিজেপি দলে আজি নগাঁৱৰ দক্ষিণপাটত এখন সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে একেখন সভাতে আন দলৰ নেতা-কৰ্মীক বিজেপি দলত যোগদান কৰায়৷ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে আন দলৰ নেতা-কৰ্মীক আনি দল মজবুত কৰিব খোজা এই সভাত উপস্থিত আছিল স্বয়ং কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহাই৷

আজি নগাঁৱৰ দক্ষিণপাটত বি জে পিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত সদৰ সমষ্টিৰ বিধায়ক পুঁজি বিতৰণৰ লগতে উজ্জলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ কৰা হয়৷ দলটোৰ নেতা-কমীয়ে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকো সম্বর্ধনা জনায়।

দেওঁবাৰে নগাঁও সদৰ সমষ্টিৰ দক্ষিণপাটত পাখিমৰীয়া বিজেপি মণ্ডল সমিতিৰ উদ্যোগত দক্ষিণপাট গাঁও পঞ্চায়তৰ মুকলি মঞ্চত অনুষ্ঠিত সভাখনত উপস্থিত থাকি ৰন্ধন গেছ আৰু কেৰাচিনৰ ৰাজ সাহাৰ্য্য অসমত বন্ধ হব বুলি ঘোষণা কৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে।

আনহাতে ৰাজহুৱা সভাত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিধায়ক পুঁজি বিতৰণ, স্বাস্থ্য আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ কৰাৰ লগতে কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক সম্বর্ধনা জনায়। তাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে দল বাগৰি ভাল পোৱা বিভিন্ন দলৰ দুই শতাধিক লোকক গামোছা পিন্ধাই বিজেপি দলত যোগদান কৰায়।