গুৱাহাটীঃ ৰাজ্যত প্ৰতিনিয়ত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন নাগৰিক৷ সভ্য সমাজক লজ্জানত কৰা নাৰী নিৰ্যাতন-যৌন নিৰ্যাতনৰ দৰে বহু নিন্দনীয় ঘটনা ৰাজ্যত শেহতীয়াকৈ পোহৰলৈ অহাত সচেতন নাগৰিকসকল সৰৱ হৈ পৰিছে।

বিশেষকৈ বিশ্ববিদ্যালয়, স্কুল-কলেজত শিক্ষক, অধ্যাপকৰ হাতত ছাত্ৰীৰ যৌন নিৰ্য্যাতনৰ ঘটনাই বিভিন্ন সময়ত সংবাদমাধ্যমৰ শিৰোনামা দখল কৰাৰ পিছতো অভিযুক্তই উচিত শাস্তি লাভ নকৰা কাৰ্য্যক গৰিহণা দিছে  Forum Against Sexual Harassment in Educational Institution নামৰ অনুষ্ঠানটোৱে।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি অনুষ্ঠানটোৰ সভাপতি তথা অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা চিলা বৰা, অধ্যাপিকা মনোৰমা শৰ্মাই ডিব্ৰুগড় বিশ্ববিদ্যালয়, উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ উদাহৰণ দাঙি ধৰি কেৱল মাত্ৰ দুটা উদাহৰণহে বুলি কয়।

ৰাজ্যত শিক্ষকে ছা্ত্ৰীৰ ওপৰত চলাই অহা যৌন নিৰ্যাতনৰ ঘটনা সঘনাই ঘটিয়ে অাছে। এনে ঘটনাৰ বিৰুদ্ধে ৰাইজৰ সজাগতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে অধ্যাপক কেইগৰাকীয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়, উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছতো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো তদন্ত নকৰি বৰং অভিযুক্তই স্বাস্থ্যজনিত কাৰণ দৰ্শাই অৱসৰকালীন সা-সুবিধাৰে মুক্ত হৈ আছে বুলি অভিযোগ কৰে Forum Against Sexual Harassment in Educational Institutionৰ সভাপতি তথা অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই।

পিতৃতান্ত্ৰিক সমাজত অতীজৰে পৰা পুৰুষৰ হাতত নাৰী নিৰ্যাতিত হৈয়ে অাহিছে, তেনে ক্ষেত্ৰত অাইনী প্ৰক্ৰিয়া অধিক কটকটীয়া কৰিলেহে দোষীয়ে শাস্তি লাভ কৰাৰ লগতে জনসাধাৰণেও সজাগ হোৱা অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰে। অাইন কাৰ্য্যকৰী কৰি চৰকাৰ তথা সমাজৰ প্ৰতিজন বিবেকবান লোকে যৌন নিৰ্যাতনৰ সকলো অভিযোগৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰখাটো অত্যন্ত জৰুৰী বুলি মত প্ৰকাশ কৰে Forum Against Sexual Harassment in Educational Institutionৰ সভাপতি তথা অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই।