
ছিপাঝাৰঃ বান পানীয়ে কৃষকক মাধমাৰ শোধোৱাৰ পাছত এইবাৰ খৰাঙৰ কবলক পৰিছে কৃষক৷ ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ কঠিয়া নষ্ট হোৱাৰ উপক্ৰম হৈছে পথাৰত পানী নোহোৱাৰ বাবে৷ ভূঁই ৰোৱা পথাৰসমূহো ছিৰাল ফাট মেলাত মূৰে কপালে হাত দিছে কৃষকে৷
ৰাজ্যৰ জলসিঞ্জন বিভাগে কোটি কোটি টকা খৰছ কৰি কৃষকক খেতিপথাৰত পানি যোগান ধৰাৰা বাবে আঁচনি ৰূপায়ম কৰে যদিও সকলো ধোৱাচাংত উঠে৷ কোটি কোটি টকা খৰছ কৰাৰ পাছতো আচনিসমূহে কোনো দিনে পানী দিব নোৱাৰে৷
ইয়াৰ মাজতে হাতে হাতে কোৰ লৈ নদী ভেটি পথাৰত পানী উঠাবলৈ ওলাই আহিল পুৰুষ-মহিলা৷ দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰিয়া বাহমোল্লা গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা হাঁহখাইটি নৈত ৰাইজে শ্ৰম দান কৰি পথাৰত পানী যোগানৰ চেষ্টা চলায়৷
দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বাহমোল্লা গাঁৱৰ কৃষকৰ খেতিত পানী যোগানৰ কাৰণে ২০১২ চনতে টংলা জলসিঞ্চন সংমণ্ডলে এক কোটি টকা খৰছ কৰি কৃষকক পানী যোগানৰ বাবে এটি বান্ধ নিৰ্মাণ কৰিছিল যদিও বিষয়া ঠিকাদাৰৰ লুন্ঠনৰ বাবে আজিকোপতি সম্পূৰ্ণ নহ'ল বান্ধটো৷
অঞ্চলটোত তিনিটাকৈ বান্ধ আছে যদিও এটা বান্ধেও পানী দিবলৈ সক্ষম নহয় কৃষকক৷ যাৰ ফলত খেতিপথাৰত কৃষকসকলে পানী পোৱাৰ পৰা বঞ্চিত হৈছে ৷ দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ছিৰালফাট মেলা খেতিপথাৰৰ পানী যোগান ধৰিবলৈ একাংশ খেতিয়কে হাতে হাতে কোৰ লৈ বস্তাত মাটি ভৰাই নদী ভেটি খেতিপথাৰত পানী উঠোৱাৰ চেষ্টা চলায়।