
চৈখোৱাঃ আদবাটৰ পৰাই অন্তৰ্ধান হ’ল এখন চাহপাত ভৰ্তি ট্ৰাক৷ তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত খোবাং চাহ বাগিচাৰ পৰা কলকাতা অভিমুখে ৰাওনা হোৱা চাহপাত ভৰ্তি ট্ৰাকখন এনেদৰে অন্তৰ্ধান হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, অসম কেৰিয়াৰ লিমিটেড তিনিচুকীয়া নামৰ পৰিবহণ সংস্থাৰ অধীনৰ এনএল-এনএল-০২-৮৬৫০ নম্বৰৰ এখন ট্ৰাক যোৱা ২৪ জুলাইত খোবাং চাহ বাগিচাৰ পৰা ৬২০ বেগ চাহপাত লৈ যাত্ৰা কৰি ৪ আগষ্টত কলকাতাত উপস্থিত হোৱাৰ কথা আছিল।
কিন্তু আজি পৰ্যন্ত ট্ৰাকখন গন্তব্যস্থানত উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। আনহাতে পৰিবহণ সংস্থাটোৰ কৰ্তৃপক্ষৰে উক্ত চাহপাত কঢ়িয়াই নিয়া ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত গাড়ী চুৰি চক্ৰৰ হাতত ট্ৰাকখন পৰা বুলি সন্দেহ কৰা হৈছে।
এই সন্দৰ্ভত পৰিবহণ সংস্থাটোৰ কৰ্তৃপক্ষই তালাপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰ দাখিলৰ পিছতে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ট্ৰাকখনৰ সম্ভেদ পোৱা হোৱা নাই।