12
Aug
2017

Image for Representation
ডিজিটেল ডেস্কঃ দেশৰ সীমান্তত পহৰা দিব যন্ত্ৰ সৈনিকে। তেজ-মঙহৰ মানুহৰ পৰিৱৰ্তে ভাৰত-পাক সীমান্তৱৰ্তী এলেকাত মোতায়েন কৰা হ'ব ৰবট সেনাক।
কাৰ্গিলৰ দৰে স্পৰ্শকাতৰ এলেকাৰ সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে যন্ত্ৰ মানৱ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ দপ্তৰে।
সমৰ্থিত সূত্ৰৰ সম্ভেদ অনুসৰি বৰ্তমান ৰাষ্ট্ৰীয় ৰাইফলছৰ তৰফৰ পৰা ক্ৰয় কৰা হব অত্যাধুনিক ৫৪৪ ৰবট। আধুনিক প্ৰযুক্তিৰ যন্ত্ৰ মানৱে নিৰ্দেশ অনুসৰি গুলী চালনা কৰিব পাৰে।
তদুপৰি ৰিমোট চেঞ্চৰ পদ্ধতিৰ দ্বাৰা সন্ত্ৰাসবাদীৰ ওপৰত গোলাবৰ্ষণ কৰিব পাৰিব ৰবটে। 'দক্ষ' বুলি নামকৰণ কৰা ৰবটৰ ওজন তেনেই কম। তদুপৰি ৰবটকেইটাই উচ্চতালৈ কঢ়িয়াব পাৰে বোজা।