12
Aug
2017

বাঘবৰঃ ৰাজ্যত পুনৰ বানৰ কবলত বহু জিলা৷ বৰপেটা জিলাৰ বাঘবৰত ব্ৰহ্মপুত্ৰ নদী আৰু বেঁকীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বাঘবৰ সমষ্টিৰ অৰ্ধশতাধিক গাঁও বুৰাই পেলায়।
বাঘবৰৰ মৰাভাজ, বালাজান, সাতমূখী, সেউৰাভিটা, শিলোচী পাথাৰ, মানিকপুৰ, সত্ৰকণৰা, ৰামাপাৰা, সোণাবাড়ীসহ কেইবাখনো গাঁও৷ এটুপি খোৱাপানী, অন্ন, বস্ত্ৰৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷ বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে মৰাভাজ গাঁৱত বৰ্তমানেও অব্যাহত আছে বেঁকী নৈৰ ভয়ংকৰ খহনীয়া। নৈখনে নিমিষতে উটুৱাই নিছে ইটোৰ পিছত সিটো পৰিয়ালৰ ভেটি-মাটি।
খহনীয়াত সকলো হেৰুৱা লোকে আনৰ ঘৰত লব লগা হৈছে আশ্ৰয়। স্থানীয় প্ৰশাসনে তথা বিধায়ক শ্বেৰমান আলীয়ে বানৰ কবলত পৰা তথা খহনীয়াত সকলো হেৰুওৱা লোকসকলৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।