
ৰঙিয়া/নগাঁওঃ শাসকীয় দল বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া আৰু নগাঁও জিলাতো স্বাধীনতা দিৱস পালন কৰে৷ নগাঁৱৰ হাতীচোং মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ বটদ্ৰৱা শাখাৰ উদ্যোগত দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰে৷
মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাত বিশিষ্ট অতিথি হিচাপে এবিভিপিৰ ৰাজ্যিক যুটীয়া সম্পাদক বিশ্বজিৎ খাউণ্ড, বিশিষ্ট লেখক সত্যৰঞ্জন বৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা, এবিভিপিৰ নগাঁও জিলা সংযোজক ৰাজু ৰয়, যুৱ শিল্প উদ্যোগী অচিন্ত প্ৰাণ শৰ্মা, এবিভিপিৰ বটদ্ৰৱা শাখাৰ সভাপতি জ্যোতিময় হাজৰিকা, সম্পাদক নিলোৎপল শইকীয়া, প্ৰচাৰ সম্পাদক সঞ্জীৱ বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে৷
মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বীজেন্দ্ৰ কুমাৰ দাসে আঁত ধৰা সভাত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, ফুলৰ থোপা, জাপি আৰু অভিনন্দন পত্ৰৰে সম্বৰিধনা জনায়৷ সভাৰ আৰম্ভনিতে প্ৰৱীন শিল্পী গুণ শইকীয়াই দেশপ্ৰেমমূলক গীত তথা ৰামধেনু জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সংগীতা ৰাজাই নৃত্য পৰিবেশনেৰে সভাত উপস্থিত সকলোকে মনোৰঞ্জনৰ খোৰাক দিয়ে ৷
সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়৷ আনহাতে ৭১ তম স্বাধীনতা দিৱসৰ দিনটোত সংগঠনটোৱে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা লৈ ৰঙিয়াত পদযাত্ৰা উলিয়ায়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰঙিয়া শাখাই উলিয়াই এই পদযাত্ৰা। পদযাত্ৰাত অংশ লয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। শতাধিক লোকে অংশ লোৱা পতাকা পদযাত্ৰাৰে সংগঠনটোৱে সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে। পদযাত্ৰাৰ সময়চোৱাৰ দৃষ্টিনন্দন দৃশ্যই আনন্দিত কৰিলে সকলোকে। সংগঠনটোৰ কেইবাশতাধিক নেতা-নেত্ৰীয়ে পতাকা হাতে হাত ধৰি পদাযাাত্ৰা কৰে।