বিহালীঃ আমাক ভাত লাগে, আমাক ৰুটি লাগে, আমাক কাপোৰ লাগে৷ হয়, তেওঁলোকক আন একো নালাগে৷ ভাত, ৰুটি আৰু কাপোৰ হ'লেই পৃথিৱীৰ সকলো পােৱা যেন অনুভৱ কৰে তেওঁলোকে৷ তেওঁলোকে দালানৰ সপোন নেদেখে৷ বিলাসী ঘৰ, গাড়ী তেওঁলোকৰ সপোনৰ অগোচৰ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰা মানুহ তেওঁলোক৷

কেৱল অকণমান অৰ্থ উপাৰ্জন কৰাৰ সুবিধা লাগে তেওঁলোকক৷ সমগ্ৰ দেশে যেতিয়া স্বাধীনতা দিৱসৰ ৰঙত বিভোৰ হৈ আছিল, উলহ-মালহেৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছিল তেতিয়া তেওঁলোক অৰ্ধ উলংগ হৈ আছিল৷ কণ কণ শিশুৱে সন্মুখত কাহি-বাটি লৈ বহি আছিল৷ মুখবোৰ শুকাই গৈছিল। হুমুনীয়া কাঢ়ি আছিল৷ তেওঁলোকৰ মঙহবোৰ হাড়ত লাগি আছিল৷ তেওঁলোকে ভোকত লাল-কাল হৈ আছিল৷

আজি দেশৰ ৭১ সংখ্যক স্বাধীনতা দিবস৷ স্বাধীনতাৰ অৰ্থ তেওঁলোকে নাজানে৷ স্বাধীনতা চোবাই খাই নে সোণৰ আলমাৰীত থৈ দিয়ে তাকো নাজানে তেওঁলোকে৷ তেওঁলোকে জানে কাম কৰিব লাগে আৰু খাব লাগে৷ তেওঁলোকৰ মাজৰ দুই এজনে স্বাধীনতাৰ অৰ্থ জানে বাবে প্ৰশ্ন কৰিছিল সঁচাই জানো আমি স্বাধীন?

এনেকৈয়ে স্বাধীনতাৰ আন এক স্বৰূপ উন্মোচন হ'ল বিহালীৰ বৰগাঙত৷ দেহৰ ঘাম মাটিত পেলাই শ্ৰম কৰি দুবেলা দুমুঠি পেটৰ ভাত যোগাৰ কৰা বৰগাওঁ(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে উদযাপন কৰিলে 'অ-স্বাধীনতা' দিৱস৷

২০ জুলাইৰ পৰা ২৫ দিন ধৰি তেওঁলোকে কাম কৰা বাগিচাখন লক আউট কৰি থৈছে কৰ্তৃপক্ষই ৷ বাগিচাৰ মালিক ৰাজীৱ প্ৰিন্সাই শ্ৰমিকসকলে এম্বুলেঞ্চ, নাৰ্চ আৰু শুকান খৰি বিচৰাৰ অপৰাধত বাগিচাখন লক আউট কৰি দিয়ে৷ বাগিচা বন্ধ কৰাৰ পাছৰে পৰা লঘোণে-ভোকে সময় পাৰ কৰা শ্ৰমিকক ন্যায় দিবলৈ নিৰ্বিকাৰ প্ৰশাসন, নিৰ্বিকাৰ চৰকাৰ৷

ভোকাতুৰ শ্ৰমিকসকলেও আজি স্বাধীনতাৰ আনন্দ উপভোগ কৰিবলৈ নাপাহৰিলে৷ এফালে স্বাধীনতা দিৱস আনফালে ৰঙীন অৰ্ধ-উলংগ প্ৰতিবাদ ৷ অৰ্ধ উলংগ হৈ শ্ৰমিকসকল ল'ৰা-ছোৱালীৰ সৈতে হাতত কাহী-বাতি লৈ পতাকা উৰুৱায়৷ ৰাষ্ট্ৰীয় সংগীত গায় ৷ আৰু চিঞঁৰি চিঞঁৰি কয়, "স্বাধীনতা, আমাক ভাত লাগে, আমাক ৰুটী লাগে, আমাক কাপোৰ লাগে, আমাক কাম লাগে৷"