
মুছলপুৰঃ তেওঁলোকে মাথো দায়িত্ব হে পালন কৰিলে৷ স্বাধীনতা দিৱসৰ দিনটোত শ্ৰদ্ধা সহকাৰে শ্বহীদ সকলক স্মৰণ কৰি হয়তো পতাকা খন উত্তোলন কৰা নাছিল৷
প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত বিদ্যালয় খনত পতাকা খন উৰুৱাই থৈ দায়িত্ব পালন কৰি পতাকা খন নমাবলৈ পাহৰি গ’ল৷
যাৰ বাবে স্বাধীনতা দিৱসত উত্তোলন কৰা পতাকা উৰি থাকিল পুৱা পৰ্যন্ত। স্বাধীনতা দিৱসত উত্তোলন কৰা পতাকা সন্ধিয়া ৬বজাত স-সন্মানে নমাব লাগে।
কিন্তু বাক্সা জিলাৰ কেইবাখনো বিদ্যালয়ে ৬ বজাত নমোৱাটো দুৰৰ কথা ১৬ আগষ্টৰ পুৱা ৯ বজালৈ উৰি থাকিল পতাকা৷
চাউলকাৰা প্ৰাথমিক বিদ্যালয়, সুৱনখাটা গাৰ্লচ এম ই স্কুল, সোনাপুৰ বিজুলী প্ৰাথমিক বিদ্যালয়ত আজি পুৱা ৯ বজাত বিদ্যালয় বহালৈ উৰি থাকিল জাতীয় পতাকা। আনহাতে নাগ্ৰিজুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো নিশা ১০ বজালৈ উৰি থাকিল জাতীয় পতাকা।