
গোৰেশ্বৰঃ বাগসা জিলাৰ গুৰুত্বপূৰ্ণ এটি পথ বাইহাটা চাৰিআলি-গোৰেশ্বৰ-ৰামগাওঁ-নাগ্ৰীজুলি পথ। ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ নেতৃত্বত বাইহাটা চাৰিআলি-বগামাটি পথটো নিৰ্মাণৰ কাম কৰি আছে যদিও ঠিকাদাৰজনৰ হেমাহিত ক্ষোভিত হৈ পৰিছে ৰাইজ।
মহৰিপাৰাত যোৱা এপ্ৰিল মাহতে বানপানীৰ ফলত খহি পৰিছিল এটি কালভাৰ্ট। তাৰ ঠাইত এটি উপপথ নিৰ্মাণ কৰা হৈছে। কিন্তু পথছোৱাৰে নিতৌ শ শ শিল বালিৰ ট্ৰাক-ডাম্পাৰ ঠিকাদাৰজনে পাৰ কৰাই আছে যদিও ভাঙি যোৱা কালভাৰ্টটো সঠিককৈ নিৰ্মাণ নকৰাৰ ফলতে আজি বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দুৰ্ভোগ ভোগে ৰাইজে।
জানিব পৰা মতে আজি প্ৰায় তিনি বজাত নাওকাটাৰ দিশৰ পৰা গোৰেশ্বৰ অভিমূখে আহি থকাত ভঙা কালভাৰ্টটোতে বিকল হৈ পৰে এ এছ ০১ এ চি ২১৯৭নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকখন। ইয়াৰ ফলত দুয়ো দিশৰ পৰা অহা শ শ যাত্ৰীবাহী বাছ আৰু বাহন আবদ্ধ হৈ পৰে। আনকি এখন এম্বুলেঞ্চো আবদ্ধ হৈ পৰা বুলি প্ৰত্যক্ষদৰ্শীসকলে অভিযোগ কৰে। ইমানৰ পিছতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ তত্পৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
আন এক অভিযোগ অনুযায়ী ৯ টনৰ স্থানত প্ৰায়ে ১২/১৫ টনকৈ বালি শিল কঢ়িয়াই ট্ৰাকসমূহে। আনহাতে ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ বহু ডাম্পাৰে দিনে-নিশাই অবৈধভাৱে কঢ়িয়াই আছে শিল-বালি। ইয়াৰ ফলতে পথছোৱা আৰু দলং সমূহ দূৰ্বল হৈ পৰিছে।
এনেদৰে চাৰি ঘন্টা পথটোত দুৰ্ভোগ ভোগাৰ পিছত প্ৰশাসনৰ নিৰ্লিপ্ততাত ক্ষুব্ধ হৈ সন্ধিয়া প্ৰায় ৭ বজাত স্থানীয় ৰাইজে ট্ৰাকখন আতৰ কৰি পথটো মুকলি কৰি দিয়ে। স্থানীয় ৰাইজে শীঘ্ৰেই পথছোৱাৰ লগতে ভঙা কালভাৰ্টৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিবলৈ দাবী জনাইছে।