
হোজাইঃ ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৌজন্যত তথা অসম বিজ্ঞান সমিতিৰ যমুনামুখ শাখাৰ ব্যৱস্থাপনাত সমাজৰ কু-সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰীকৰণৰ প্ৰতি লক্ষ্য ৰাখি যমুনামুখ চহৰৰ পদপথত আজি এখন বাটৰ নাট মঞ্চস্থ কৰে।
যমুনামুখ শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অভিনয় কৰা এই বাটৰ নাটখনে সমাজত চলি অহা অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।
অসম বিজ্ঞান সমিতিৰ যমুনামুখ শাখাৰ সম্পাদক তথা শিক্ষক পৰিতোষ পালে জানিবলৈ দিয়া মতে অহা ২১ আগষ্টত যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে এক সজাগতা সভাৰ আয়োজন কৰিছে।