
ৰঙিয়াঃ ৰাজ্যৰ কেইবাখনো জিলাৰ হেজাৰ হেজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ ঘৰ-বাৰি এৰি আশ্ৰয় শিবিৰত থিতাপি থাকিব লগা হৈছে৷ ঘৰ-বৰ এৰি আশ্ৰয় শিবিৰত থকা লোকসকলে গৰাখহনীয়াৰ কবলত পৰি ককবকাই থাকিব লগা হৈছে৷
গৰাখহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ বুকুত জাহ গৈছে ঘৰ-বাৰী, কৃষিভূমি, স্কুল-কলেজ আদি৷ গৰাখহনীয়াৰ পৰা সাৰি যোৱা নাই নৈপৰীয়া৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কামৰূপৰ বৰলীয়া নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে তুলসীবাৰী অঞ্চলৰ শ শ লোকক৷
ৰঙিয়া মহকুমাৰ বৈদ্যগড় গাঁও পঞ্চায়ত এলেকাৰ তুলসীবাৰী-জয়ন্তীপুৰ অঞ্চলৰ মাটি-বাৰি চপৰা চপৰে খহিব ধৰিছে বৰলীয়া নৈত৷ অঞ্চলটোৰ লোকসকলৰ কৃষিভূমি নৈ খনৰ বুকুত জাহ যোৱাৰ পাছতো ৰাজ্য চৰকাৰে গুৰুদ্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
খহনীয়াৰ বাবে বহু পৰিয়ালৰ জীৱন আৰু জীৱিকালৈ নামি আহিছে ঘোৰ অন্ধকাৰ৷ খবৰ লবলৈ আহৰি নাই চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগৰ৷ নৈ পৰীয়া লোকসকলে চৰকাৰ প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷
অদ্যপি ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দূৰ্ভগীয়া পৰিয়ালকেইটাৰ খবৰ লবলৈও আহৰি নাই জনপ্ৰতিনিধিৰ।বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে জয়ন্তী পুৰ চুবুৰিটোৰ শতাধিক পঢ়িয়ালৰ ভেটি-মাটি নৈৰ বুকুত জাহ যোৱাৰ ফলত সেই সকল দূৰ্ভগীয়া পঢ়িয়ালে অন্য ঠাইত ঘৰ সাজি থাকিব লগা হৈছে।
তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ। বাৰে বাৰে খহনীয়া ৰোধ কৰাৰ বাবে সেয়ে জয়ন্তীপুৰবাসীয়ে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাই আহিছিল যদিও গুৰুত্ব আৰোপ নকৰাত নৈৰ পাৰত বহি গৰাখহনীয়া ৰোধৰ বাবে নেদেখা জনক প্ৰাৰ্থনা কৰে৷
গৰাখহনীয়াৰ পৰা পৰিত্রান বিছাৰি আজি অঞ্চলটোৰ ৰাইজে নৈৰ পাৰত বহি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে। নেদেখা জনেই এতিয়া শেষ ভৰসা গৰাখহনীয়াৰ কবলত পৰি আংতকিত হৈ পৰা এইসকল ৰাইজৰ। কলৈ যাব, কি খাব, সেই চিন্তাত দিন পাৰ কৰা নৈ পৰীয়া ৰাইজৰ বিশ্বাস চৰকাৰ-প্ৰশাসনে নাচালেও নেদেখাজনে চাব তেওঁলোকক৷