
প্ৰতিকী ফটো,উৎস Google Sites
ধিংঃ অসমীয়া সমাজে ভাদ মাহটো পৱিত্ৰ মাহ হিচাপে গণ্য কৰে। সমগ্ৰ মাহটোৱে ৰাজ্য খনৰ নামঘৰ সমূহ নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তন আৰু তাল-খোলৰ শব্দই ৰজন-জনাই।
ভকতসকলৰ নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তনেৰে প্ৰতিধ্বনিত হয় প্ৰতি খন গাঁও প্ৰতিটো চুবুৰী। আজি পৱিত্ৰ ভাদ মাহৰ পহিলা দিন। হৰি নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিটো নামঘৰ।
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোত ভকত বৈষ্ণৱ তথা অাই মাতৃয়ে হৰি নাম কীৰ্তনৰে মুখৰিত কৰে।
অৱশ্যে ৰাজ্যৰ চাৰিওফালে বানপানীৰ বাবেই ভাদ মাহৰ প্ৰথম দিনটোত ভকত বৈষ্ণৱৰ সংখ্যা ম্লান পৰা দেখা গৈছে। গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত প্ৰতিদিনে ১৪ প্ৰসংগ হয় যদিও ভাদ মাহটোত ১৮ প্ৰসংগ পৰিবেশন কৰা হয়।