
গোলকগঞ্জঃ বিলৰ চাৰি পাৰৰ মাজত থকা মাছবোৰ স্বাধীন হ’ল৷ এতিয়া গৰাকীৰ জালত পৰি ধৰফৰাব নালাগে বৰুনডাঙা বিলৰ মাছে৷ প্ৰায় ২০০০ বিঘাৰ ৰাজ্যৰ ভিতৰতে অন্যতম বিল খনৰ মাছ বানাৰ পানীত মিহলি হৈ গ’ল৷ যাৰ বাবে মূৰে-কপালে হাত দিছে মহলদাৰে৷
অসম বংগ সীমান্তৰ ধুবুৰীৰ বৰুনডাঙা বিলৰ কেইবালাখ টকাৰ মাছ বানৰ পানীত ওলাই যোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে মহলদাৰসকল। গংগাধৰ নৈৰ বাঢ়নী পানীয়ে ধুবুৰী জিলাৰ তামাৰহাটৰ বৰুনডাঙা বিলৰ লাখ লাখ টকাৰ মাছ ওলাই যোৱাত মূৰে-কপালে হাত দিছে বিল খনৰ মহলদাৰসকলে।
নেৰানেপেৰা বৰষুণ তথা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে বান্ধৰ পানী এৰি দিয়াৰ ফলত গংগাধৰ নৈৰ পানীয়ে বিপদসীমা অতিক্রম কৰি ধুবুৰী-কচুগাঁও গড়কাপ্তানি পথ ছিঙি নিয়াৰ ফলত বৰুনডাঙা বিল পথাৰ একাকাৰ হৈ পৰে।
৫,৫১০০০ হাজাৰ টকাৰ নিবিদা দি কেইবাগৰাকী খেতিয়কে এইবাৰ বিলখন ডাক লৈছিল। ৰৌ, মিৰিকা, গ্ৰাছকাৰ্প, কমনকাৰ্পসহ ৫৫ কুইন্টল মাছ এৰি দিছিল বুলি জানিব পৰা গৈছে। বিভাগীয় কৰ্তৃপক্ষক বিলখনৰ নিবিদা মূল্য ৰেহাই দিবলৈ আবেদন জনাইছে।