ৰঙিয়াঃ ৰঙিয়াত প্ৰধান মন্ত্ৰী উজ্জলা যোজনাৰ ৰন্ধন গেছৰ সংযোগ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত বিতৰণ কৰা হয়৷

বিধায়ক ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত ৰঙিয়া সমষ্টিৰ উজ্জলা যোজনাৰ ৰন্ধন গেছৰ সংযোগ বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই।

সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈ, ভাৰতীয় তেল নিগমৰ বিষয়া এ কে ছাক্সেনা, ৰঙিয়া বীণাপানী গেছ এজেন্সিৰ স্বত্বাধিকাৰী পল্লবী লহকৰ উপস্থিত থাকে। অনুষ্ঠানটোত ২৪ গৰাকী হিতাধিকাৰীক বিনামূলিয়া ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰা হয়।