গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী টপাৰ পথাৰ বজাৰ সমিতিৰ সভাক লৈ শীতল যুদ্ধ চলি থকাৰ মাজতে আজি বজাৰ সমিতিৰ এখন সভা অনুষ্ঠিত হয়৷ সভাত প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাৰ উপস্থিত থাকে৷ সভা চলি থকাৰ মাজতে পক্ষীয় ভাবে সভা অনুষ্ঠিত কৰা বুলি ক্ষোভিত হৈ পৰে একাংশ ব্যৱসায়ী। আনহাতে উক্ত বজাৰ খনৰ আন এটা ফালে অন্য এটা ফৌদে সভা অনুষ্ঠিত কৰে।

একাংশ লোকে বজাৰ সমিতিৰ সভাখনক অগপই ৰাজনৈতিক সভালৈ ৰূপান্তৰিত কৰা বুলি অভিযোগ কৰে৷ বজাৰ সমিতি খন বাহিৰৰ লোক তথা অগপ দলৰ কৰ্মীৰ দ্বাৰা খন গঠন কৰা বুলিও অভিযোগ কৰে একাংশ লোকে। ডাঃ কমলা কলিতাই বজাৰ সমিতিখন গঠনৰ ক্ষেত্ৰত এক পক্ষীয় নীতি অবলম্বন কৰাৰো অভিযোগ উঠে।

আনহাতে অগপ দলৰ কৰ্মী পৰশ আলীক সভাপতি, আতোৱাৰ ৰহমানক সম্পাদক হিচাপে লৈ গঠন কৰা সমিতি খন বাহাল থাকিব বুলি সভাত ডাঃ কলিতাই স্পষ্ট কৰে৷ এই সমিতিয়ে আজিৰ পৰা কাম কৰি যাব বুলি কৈ প্ৰাক্তন বিধায়ক কলিতাই সমিতিক কোনো কামত বাধা দিলে আইনৰ জৰিয়তে শাস্তি প্ৰদান কৰা হ'ব বুলি কয়।

ইয়াৰ বিপৰীতে আন এটা ফৈদে কমলা কলিতাক প্ৰত্যাহ্বান জনাই একপক্ষীয় বজাৰ সমিতি কোনো পধ্যেই মানি লোৱা নহয় বুলি কৈ ডঃ কমলা কলিতা গ'বেগ ধ্বনি দিয়ে। কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত উপায়ুক্ত বজাৰখনত উপস্থিত হৈ কমলা কলিতাৰ বিপৰীতে অনুষ্ঠিত কৰা লোকসকলৰ পৰা এখন স্মাৰক গ্ৰহণ কৰে।

অগপ সমৰ্থিত বজাৰ সমিতিৰ সভাৰ পিছত জোৰশীমুলী আৰক্ষী চকীৰ সন্মুখত অৰ্ধ সামৰিক জোৱানৰ সন্মুখতে উন্নয়ন খণ্ডৰ সামগ্ৰীৰ তালিকাক লৈ অগপৰ দুই কৰ্মী ৰবিয়াল হুছেইন আৰু আজিজুল হকৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়।