গৌৰীপুৰঃ ৰাজ্যৰ পৰা পুনৰ সন্ধানহীন হ’ল কিশোৰী৷ গৌৰীপুৰত বৃহস্পিবাৰে স্কুললৈ যোৱা পথত সন্ধানহীন হয় এগৰাকী ছাত্ৰী৷

বৃহস্পতিবাৰে গৌৰীপুৰৰ সাঞ্জেৰকুটি গাৱৰ ছায়েদ আলীৰ কন্যা নাজিমা খাতুনে গৌৰীপুৰৰ ২নং ৱাৰ্ডত থকা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়লৈ বুলি ওলাই অহাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰীগৰাকী৷

ইতিমধ্যে পৰিয়ালৰ লোকে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ গৌৰীপুৰ আৰক্ষীয়ে কিশোৰীগৰাকীক অপহৰণৰ সন্দেহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷