
চিচিবৰগাঁওঃ ৩০ আৰু ৩১ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ চিলাপথাৰ নগৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজনৰ প্ৰস্তুতি চলোৱা দ্বী-বাৰ্ষিক অধিবেশন খন সদ্যহতে বাতিল কৰা হৈছে৷ ।
বৰ্তমান জিলাখনৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰাত জিলাখনৰ বিভিন্ন ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়োৱাৰ স্বাৰ্থত সমিতিয়ে এনে সিদ্ধান্ত গ্ৰহন কৰিছে বুলি জিলা সমিতিৰ সভাপতি নৃপেন ভিতৰুৱাল কোৱঁৰে জনায়৷