
নাওকাটাঃ বহু পলমকৈ হলেও গৃহ জিলাৰ বান পৰিস্থিতিৰ খবৰ ললে মন্ত্ৰী ৰিহনে দৈমাৰীয়ে৷ ভাৰত-ভূটান সীমান্তৰ বানাক্ৰান্তৰ আজি খবৰ লয় কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷ ১২ আগষ্টৰ নিশা ভূটান পাহাৰৰ পৰা বৈ অহা কেইবাখনো নৈৰ বাঢ়নী-পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল ভাৰত-ভূটান সীমান্তত৷
বহু লোকে ঘৰ-দুৱাৰ হেৰুৱাই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ পৰিয়ালৰ কাপোৰ-কানি, লৰা-ছোৱালীৰ কিতাপ-পত্ৰ সকলো বাঢ়নী-পানীয়ে নষ্ট কৰে৷ ৰাইজে গৃহ জিলাৰ বান পৰিস্থিতিৰ খবৰ নোলোৱা বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ সময়তে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ওদালগুৰিৰ-বাক্সা সীমান্তৱৰ্তী উত্তৰ নাওবান্ধা, শুক্লাই, দেওঁচুঙা, আটেৰীখাট আদি অঞ্চল ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় অসামৰিক যোগান আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে।
আজি পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ উত্তৰ নাওবান্ধা প্ৰাথমিক বিদ্যালয়ত থকা আশ্রয় শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এখন সভাত অংশগ্ৰহণ কৰি বিভিন্ন দল-সংগঠন আৰু বানপীড়িতৰ সৈতে মত বিনিময় কৰে৷ বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োৰ সঞ্চালনাত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ দি ৰাজ্যখনৰ বিভিন্ন জিলাত সম্প্ৰতি বানে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি তেওঁ ধুবুৰী জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ দ্বায়িত্বত থকাৰ বাবেহে গৃহ জিলাৰ বান পৰিস্থিতিৰ বুজ লব পৰা নাছিল বুলি কয়।
জিলা প্ৰশাসনক বানত বিধ্বস্ত হোৱা গৃহসমূহ নিৰ্মাণ কৰাৰ বাবে টিনপাতকে ধৰি বিভিন্ন সা-সামগ্ৰী শীঘ্ৰে যোগান ধৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বানত বিধ্বস্ত হৈ পৰা অঞ্চলসমূহ ভ্ৰমণ কৰাৰ লগতে ক্ষয়-ক্ষতিৰো বুজ লৈ চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰি বানে বিধ্বস্ত কৰা মথাউৰি তথা গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ৱ বুলি জনায়। মন্ত্ৰীগৰাকীৰ উক্ত ভ্ৰমণকালত তেওঁক সংগ দিয়ে বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়ো, ভেৰগাঁৱৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকা, ভেৰগাঁও ব্লক বিপিএফৰ সভাপতি অজয় সিঙ গৌড়, শুক্লাই ভিচিডিচিৰ সভাপতি নৰেশ্বৰ পৌড়েল আদিয়ে।