মঙলদৈঃ ৰাজ্যত এতিয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰপত্তা নোহোৱা হৈছে৷ এবিএমছুৰ সভাপতি তথা বিটিএডিৰ প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰত দিন দুপৰতে গুলীয়াই হত্যা কৰাৰ পাছত এইবাৰ মঙলদৈত গৰু ব্যৱসায়ীক গুলীয়াই হত্যা কৰিলে দিন-দুপৰতে৷

দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত আউলাচৌকাত আজি বিয়লি ৪ বজাত বাইকত আহি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই আউলাচৌকাৰ কালিয়াপাৰাৰ গৰু ব্যৱসায়ী মোক্তাৰ আলিক (৪৫) গুলীয়াই হত্যা কৰে।

বাইকত আহি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত ঢলি হৈ পৰা মোক্তাৰক ততাতৈয়াকৈ সংকটতজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷

গুলী চালনাৰ ঘটনাৰ পাছৰে পৰা দৰং জিলাত উত্তেজনাৰ সৃষ্টি হয়। আৰক্ষীয়ে আততায়ীক ধৰিবলৈ অভিযান আৰম্ভ কৰি এজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে।